আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৮ ছেপ্টেম্বৰ

শিৱসাগৰত বিশ্বকৰ্মা পূজাৰ নিশাই শোকাবহ দুৰ্ঘটনা৷ ৰাষ্ট্ৰীয় ঘাইপথৰ আখৈফুটীয়া চাৰিআলিত ট্ৰাকৰ খুন্দাত এজন ১৮ বছৰীয়া স্কুটী আৰোহীৰ মৃত্যু৷

বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ নিশাই শিৱসাগৰত সংঘটিত হ’ল এক শোকাবহ পথ দুৰ্ঘটনা৷ শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আখৈফুটীয়া চাৰিআলিত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে এজন ১৮ বছৰীয়া স্কুটী আৰোহীৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে৷ নিশা প্ৰায় ৮ মান বজাত সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা স্কুটী আৰোহীজন ফুকন ফদীয়া গাঁৱৰ অনুপ হাজৰিকা বুলি জানিব পৰা গৈছে৷ প্ৰাপ্ত বাতৰি মতে আখৈফুটীয়াৰ দিশৰ পৰা ইউপি-৭৮-ডিজেড-৮৫৬৫ নম্বৰৰ স্কুটিৰে আহি থকাৰ অৱস্থাত ৰাষ্টীয় ঘাইপথ অতিক্ৰমৰ চেষ্টা চলাওতেই যোৰহাটৰ পৰা ডিব্ৰুগড় অভিমুখী এখন মালবাহী ট্ৰাকে মহতীয়াই নিয়ে স্কুটী খনক৷ ট্ৰাকৰ চেপাত চুন্ন-বিচিন্ন হৈ যায় স্কুটী আৰোহীজনৰ শৰীৰ৷ ইফালে স্কুটী আৰোহীজনক মহতীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে মালবাহী ট্ৰাকখনে৷

স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হোৱা যান বাহণ আৰক্ষীৰ এটা দলে নিহত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাকখনৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে৷