ছয়গাঁও

১৭ ছেপ্টেম্বৰ

কৰ’ণা কালৰ মাজতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ছয়গাঁৱতো বৃহস্পতিবাৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে উদযাপন কৰিলে বিশ্বকৰ্মা পূজা৷ বৃহস্পতিবাৰে ছয়গাঁৱৰ ডুৱজেনীস্থিত কামৰূপ জিলা অগ্ৰগামী নিৰ্মাণ শ্ৰমিক সন্থাইও কৰ’ণা ভাইৰাছ সন্দৰ্ভত চৰকাৰী নীতি-নিৰ্দেশনা মানি বিশ্বকৰ্মা পূজা পালন কৰে৷

উক্ত বিশ্বকৰ্মা পূজাত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদেও অংশগ্ৰহণ কৰি এশ বিশ গৰাকী নিৰ্মাণ শ্ৰমিকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। বিধায়ক গৰাকীয়ে বিতৰণ কৰা খাদ্য সামগ্ৰীৰ টোপোলাত ৩ কেজি চাউল, ২ কেজি দাইল, ২ কেজি চেনী, ২ কেজি চিৰা আৰু ২ কেজি বুট প্ৰদান কৰা হয় ৷ এই উপলক্ষে অনুষ্টপীয়াকৈ অনুষ্ঠিত সভাত বিধায়ক গৰাকীয়ে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে ছয়গাঁৱৰ নিৰ্মাণ শ্ৰমিক সকলৰ কাষত থাকিবলৈ তেওঁ ৰাইজক ভাষণ প্ৰসংগত আহ্বান জনায়৷ লকডাউনত জুৰুলা হোৱা নিৰ্মাণ শ্ৰমিক সকলক এয়া কোনো সাহায্য নহয় বুলি কৈ বিধায়ক গৰকীয়ে নিৰ্মাণ শ্ৰমিক সকলক পূজাৰ দিনা যৎকিঞ্চিৎ সহায় কৰি এয়া বিশ্বকৰ্মা বাবাৰ আৰ্শীবাদহে তেওঁ লোৱা বুলি প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে ইতিমধ্যে নিৰ্মাণ শ্ৰমিক সকলৰ কাৰ্যালয় নিৰ্মাণৰ বাবে বিধায়ক গৰাকীয়ে দুই লক্ষ অনুদান আগবঢ়াইছিল৷ কাৰ্যালয়টো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিচত পুনৰবাৰ কাৰ্যালয়টোৰ চৌহদৰ দেৱাল নিৰ্মাণৰ বাবে ডেৰ লাখ টকা আবণ্টন দিব বুলিও বিধায়ক গৰাকীয়ে ঘোষণা কৰে৷

আনহাতে ছয়গাঁৱত শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয় থকাৰ পিছতো ছয়গাঁৱৰ শ্ৰমিকেই চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে বুলিও বিধায়ক গৰাকীয়ে প্ৰকাশ কৰে ৷