যোৰহাটৰ পৰা যুতিকা মহন্ত, ৪ জানুৱাৰী: যোৰহাটৰ গড়মূৰ স্থিত পৌৰসভাৰ আৱৰ্জনা স্থানৰ পৰা সৃষ্টি হোৱা প্ৰদূষণ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহন, বি.জি. পইন্ট (ৰেলৱে গুডচ্ য়াৰ্ডচ্ ) চিনামৰালৈ স্থানান্তৰ কৰা, গুডচ য়াৰ্ডত চলি থকা অনুজ্ঞাপত্ৰ বিহীন আৰু ফিটনেছ প্ৰমাণ পত্ৰ নথকা ট্ৰাক সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰা, জিলা পৰিবহনৰ বিষয়াৰ কাৰ্য্যালয়, অনামিকা মটৰচ আৰু কাৰমেল স্কুলৰ সন্মূখৰ পথৰ কাষত যান বাহন ৰখা বন্ধ কৰাৰ দাবীত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট ৰজাবাৰী শাখাই লাহতি পেট্ৰল পাম্পৰ সন্মূখত পথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ন কৰে। সংগঠনটোৱে ৰূপায়ন কৰা পথ অৱৰোধ কাৰ্যসূচীৰ ফলত নগৰখনত বহু সময় ধৰি যান জঁটৰ সৃষ্টি হয়। সংগঠনটোৱে চক্ৰ বিষয়াৰ যোগেদি যোৰহাট জিলা উপায়ুক্তলৈ উপৰোক্ত সমস্যাসমূহ সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অতি সোনকালে সমস্যাসমূহৰ ওপৰত যোৰহাট জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহন নকৰিলে পৰৱৰ্ত্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। উক্ত কাৰ্যসুচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ লগতে ৰজাবাৰী শাখাৰ সমূহ সদস্য উপস্থিত থাকে ।