ৰঙিয়া, ৪ জানুৱাৰী: এখন শিক্ষানুষ্ঠানক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে ৰঙিয়াত সেনাবাহিনী আৰু ৰাইজৰ মাজত সংঘটিত হয় এখন যুদ্ধ। ৰাইজ আৰু সেনাবাহিনীৰ মাজত হোৱা সংঘাতৰ ফলত শিক্ষানুষ্ঠানখনৰ তিনিগৰাকীকৈ শিক্ষয়ত্ৰী আহত হোৱাত চিকিৎসালয়ত প্ৰেৰণ কৰা হয় অহাত শিক্ষয়ত্ৰী সকলক। ৰঙিয়াস্থিত সেনা বাহিনীৰ ৰেড হৰ্ণ পাব্লিক স্কুলত সেনা বাহিনীয়ে বলপূৰ্বক ভাবে বিদ্যালয়খনৰ মুখ্য প্ৰৱেশ দুৱাৰ দুখন বন্ধ কৰি দিয়াৰ ফলত বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। ষড়যন্ত্ৰমুলক ভাৱে সেনাই ৰেডহৰ্ণ পাব্লিক স্কুলখন বন্ধ কৰি দিয়াত ৰাইজ ক্ষোভিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰী তথা অভিভাৱকসকলে বৃহস্পতিবাৰে পুৱা বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয়খনৰ দেৱাল ভঙাৰ চেষ্টা কৰাৰ লগতে গেটৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰাৰ চেষ্টা কৰে। উল্লেখ্য যে সেনা বাহিনীয়ে স্কুলখন বন্ধ কৰি স্কুলখন ভিতৰত সেনাৰ জোৱানসকলে বাহৰ পাতিছিল৷ ৰাইজে বিদ্যালয়খনৰ ভিতৰত প্ৰৱেশ কৰি শ্ৰেণী কোঠাৰ ভিতৰৰ থকা সেনাৰ আচবাবসমুহ দলিয়াই উলিয়াই দিয়াত সেনাৰ জোৱান আৰু বিদ্যালয়খনৰ শিক্ষয়িত্ৰী সকলৰ মাজত হতাহতিৰ সৃষ্টি হয়। এই হতাহতি ফলত নমিতা দাস, জোৎস্না দেৱী আৰু ভনিতা ডেকা নামৰ তিনিগৰাকীকৈ শিক্ষয়ত্ৰী আহত হয়। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত ৰঙিয়া আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সেনা বাহিনীয়ে দীৰ্ঘ দিনৰ পৰা স্কুল খন বন্ধ কৰাৰ যোজা চলাই থকাত ৰঙিয়াৰ এগৰাকী সচেতন লোকে উচ্চ ন্যালয়ত গোচৰ তৰিছিল৷ গোচৰ চলি থকাৰ মাজতে এনেদৰে স্কুল বন্ধ কৰি দিয়াত সেনাৰ বিৰুদ্ধে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰী, ৰাইজ, অভিভাৱকসকল ক্ষোভিত হৈ পৰিছে।