যোৰহাটৰ পৰা যুতিকা মহন্ত, সংবাদ ৩৬৫,  ৫ মাৰ্চ: যোৰহাটৰ জিলাৰ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে সোমবাৰে তলাবন্ধ কাৰ্যসূচীৰ লগতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে, যোৱা ২৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ দিশপুৰ লাষ্টগেটত অসমৰ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় সমূহৰ ছাত্র ছাত্ৰী সকলক আৰক্ষীয়ে কৰা লাঠি চাৰ্জৰ প্ৰতিবাদৰ লগতে অসমৰ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় সমূহৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত যোৰহাটৰ জে.কে. শইকীয়া হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু কণিষ্ঠ চিকিৎসক সকলে চিকিৎসা মহাবিদ্যালয় খন তলাবন্ধ কৰি দিয়া তিনি দিন অতিক্ৰম কৰাৰ পাছতো এই ক্ষেত্ৰত চৰকাৰৰ কোনো সহাৰি প্ৰদান কৰা নাই। ফলত ছাত্ৰ ছাত্ৰী আৰু কনিষ্ঠ চিকিৎসক সকলে মহাবিদ্যালয়খন তলা বন্ধ কৰি গেটৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি চৰকাৰ বিৰোধী ধৰ্ণাৰে পৰিবেশ উত্তাল কৰি তোলে। চৰকাৰে হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু কনিষ্ঠ চিকিৎসকৰ দাবী মানি নলয়, তেন্তে অনিদিষ্ট কাললৈ চিকিৎসা মহাবিদ্যালয়খন তলাবন্ধ কৰি ৰাখিব বুলি ভাবুকি প্ৰদান কৰে।