লখিমপুৰ

২১ ছেপ্টেম্বৰ

খহনীয়াৰ প্ৰতিৰোধৰ স্থায়ী সমাধান বিচাৰি সোৱণশিৰিৰ পাৰত তীব্ৰ প্ৰতিবাদ। প্ৰখৰ ৰ’দকো নেওচি সোৱণশিৰিৰ ভীমপাৰা মঠাউৰিৰ পাৰত ৰাইজৰ প্ৰতিবাদ। খহনীয়াত ক্ষতিগ্ৰস্থ পৰিয়ালক ক্ষতি পুৰণ প্ৰদান দাবী প্ৰতিবাদকাৰী ৰাইজৰ।

লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত ভীমপাৰা মঠাউৰিত সোৱণশিৰি নদীৰ খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰাত ইতিমধ্যে ভীমপাৰা অঞ্চলৰ কেইবাশ বিঘা কৃষি ভূমিৰ লগতে প্ৰায় অৰ্ধশতাধিক লোকৰ ঘৰ-দুৱাৰ জাহ গৈছে নদীৰ বুকুত। খহনীয়াৰ কবলত পৰি নদীৰ বুকুত ভেটি-মাটি হেৰুৱাই এই অৰ্ধশতাধিক লোকে অঘৰীৰ দৰে জীৱন যাপন কৰিবলৈ বাধ্য হৈছে যদিও জাতি, ভেটি, মাটি ৰক্ষাৰ শ্ল’গানেৰে গাদী দখল কৰা বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়কে পাহৰিলে নিৰ্বাচনৰ পূৰ্বে ৰাইজক প্ৰদান কৰা আশ্বাস।

ভীমপৰাৰ অঞ্চলত সোৱণশিৰি নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ যোৱা ২৯ জুলাইত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ভীমপৰা পৰিদর্শন কৰিছিল যদিও খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে। খহনীয়াত ক্ষতিগ্ৰস্থ হোৱা লোক সকলৰ পুণৰ সংস্থাপনৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী গৰাকীয়ে কোনো প্ৰতিশ্ৰুতি প্ৰদান নকৰাত ক্ষতিগ্ৰস্থ লোকক সকল ক্ষোভিত হৈ সোমবাৰে সোৱণশিৰি নদীৰ পাৰত গৰাখহনীয়াৰ স্থায়ী সমাধান কৰা, খহনীয়াত ক্ষতিগ্ৰস্থ হোৱা লোকৰ পুণৰ সংস্থাপনৰ ব্যৱস্থা কৰক আদি শ্ল’গানেৰে প্ৰখৰ ৰ’দকো নেউচি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলে আৰু সাংসদ প্ৰদান বৰুৱা সোৱণশিৰি নদীৰ ভয়াবহ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে ক্ষতিগ্ৰস্থ লোক সকলক চৰকাৰী সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰতো নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰা বুলি ভূক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰিছে।