শিৱসাগৰ, সংবাদ ৩৬৫, ২৮ ফেব্ৰুৱাৰীঃ শিৱসাগৰ জিলাৰ লাকুৱাত অএনজিচি ৬ নং জিজিএচত হোৱা এক বিস্ফোৰণৰ ফলত এজন লোক নিহত হোৱাত অঞ্চলটোত উত্তপ্ত পৰিস্থিতিত সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। জিজিএচত কাম কৰি থকা অৱস্থাত হঠাৎ টেংকীত বিস্ফোৰণ হোৱাত এজন শ্ৰমিক নিহত হয়। শিৱসাগৰ জিলাৰ লাকুৱা দিহিঙীয়া কোঁৱৰ গাৱঁত অৱস্থিত ৬ নং জিজিএচ গেছৰ টেংকীত বুধবাৰে পুৱা ৯ বজাত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়৷ আসাম ৰিনোৱেল পজেক্টৰ কাম চলি থকা ৬ নং জিজিএচ গেছৰ টেংকত কাম কৰি থকা অৱস্থাত বিস্ফোৰণ সংঘটিত হোৱাত এজন শ্ৰমিক নিহত হয়৷ নিহত শ্ৰমিকজন মেঘা কোম্পানী অধীনত কাম কৰি আছিল বুলি জানিব পৰা গৈছে৷ নিহত শ্ৰমিক জনৰ নাম প্ৰশান্ত মহন আৰু বিস্ফোৰণৰ ফলত শ্ৰমিকজন প্ৰায় ৪৫ ফুট উচ্চতাৰ পৰা তলত পৰি যোৱাত মৃত্যু হয়৷ এই বিস্ফোৰণৰ ফলত আন দুজন শ্ৰমিকো আহত হয়। আহত দুজন ক্ৰমে পবন মহন আৰু প্ৰবীণ চেতিয়া৷