বাক্সা, সংবাদ ৩৬৫, মাৰ্চ: বাক্সা জিলাৰ তামুলপুৰৰ কুমাৰীকাটাত ভাৰত ভূটান ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে ৰাতিপুৱা বাক্সা জিলা চাহ জনজাতি ছাত্ৰ সন্থা, চাওতাল ছাত্ৰ সন্থাই আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বিটিচি পৰিষদৰ শেহতীয়া ভূমিনীতিৰ প্ৰতিবাদত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰে৷ প্ৰতিকৃতি দাহ কাৰ্যসূচীত তিনি ছাত্ৰ সংগঠনৰ নেতা কৰ্মী সকলে হাতে হাতে প্লেকাৰ্ড লৈ হাগ্ৰমা মহিলাৰী মূর্দাবাদ, বিটিচি চৰকাৰ গ বেক, আদিবাসী, চাওতাল আৰু চাহ জনজাতিৰ ভূমিনীতি বিৰোধী সকল হুচিয়াৰ, সংৰক্ষিত জাতিৰ মাটিৰ অধিকাৰ সুৰক্ষা কৰক, বিটিচিৰ ভূমিনিতী বাতিল কৰক, আমাৰ ন্যায্য দাবী মানি লওঁক, অসম চৰকাৰ হায় হায়, মোদী চৰকাৰ হায় হায়, আমাৰ ভূমি সংৰক্ষন কৰক, ভূমিৰ অধিকাৰ আমাৰ মৌলিক অধিকাৰ শ্লোগান দি কুমাৰীকাটাৰ ৰাজপথ উত্তাল কৰি তোলে ৷ ইপিনে এই ভূমিনীতিৰ বিৰোধিতা কৰি আদিবাসী মহাসভাই আহ্বান জনোৱা অসম বন্ধৰ ফলত কুমাৰীকাটাৰ দোকা পোহাৰ আৰু যানবাহন বন্ধ হৈ পৰে। বন্ধৰ ফলত জনজীৱন স্তব্ধ হৈ পৰে।