গুৱাহাটী, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰী : লোকেল কুংফু আৰু হেভী বাজেটৰ বিনোদনকাৰী টীম উভতি আহিছে তেওঁলোকৰ নতুন চলচ্চিত্ৰ লোকেল উৎপাতৰ সৈতে, অহা ৪ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব লোকেল উৎপাত।

কেনী বসুমতাৰীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত লোকেল উৎপাতৰ টীজাৰ মুকলি কৰা হয় মঙলবাৰে। চলচ্চিত্ৰখনৰ নিৰ্মাণ আৰু মুক্তি দিয়াৰ বাবে টীমটোৱে wishberry.inত ক্ৰাউডফাণ্ডিং অভিযান চলাই আছে। এই পৰ্যন্ত, ৪০০ৰো অধিক লোকৰ অৰিহণাৰে সংগৃহীত ধনৰ পৰিমাণ হৈছে ৪.৩ লাখ টকা। যদিহে এই ধনৰ সীমাই ১০ লাখ টকা স্পৰ্শ নকৰে, তেন্তে অৰিহণা যোগোৱা ব্যক্তিসকললৈ এই ধন পুনৰ উভতি যাব।

মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি দলটোৱে কয় যে জনতাই ইচ্ছা অনুসৰি যিকোনো পৰিমাণৰ ধন অৰিহণা যোগাব পাৰে আৰু তেওঁলোকে ভিন্ন ধৰণৰ কাৰ্যৰ সৈতে সংযুক্ত হ’ব পাৰে, যেনে-অটোগ্ৰাফসহ চিনেমাখনৰ ফটোৰ হাৰ্ড কপী লাভ কৰিব পাৰে, চিনেমাখন অনলাইন চোৱাৰ সুবিধা লাভ কৰিব পাৰে, অথবা পোষ্টাৰ বা অৰিহণা দিয়া ব্যক্তিজনৰ ইচ্ছানুসৰি চিনেমাখনৰ কোনো এজন কলা-কুশলীৰ ধন্যবাদসূচক ভিডিঅ’ লাভ কৰিব পাৰে। ইয়াৰ লিংকটো হৈছে https://www.wishberry.in/campaign/local-utpaat
ইউটিউবৰ এটা ভিডিঅ’ত লেখক-পৰিচালক কেনী বসুমতাৰীয়ে উল্লেখ কৰে যে ছাছপেণ্ডেড ইন্সপেক্টৰ বড়োৰ সমালোচনা আছিল বহুত ইতিবাচক। কিন্তু তেওঁলোকে ছবিৰ প্ৰচাৰৰ বাবে বিশেষ ব্যয় কৰিবলৈ সক্ষম হোৱা নাই আৰু বাজেট পুনৰুদ্ধাৰ কৰিব পৰাকৈ দৰ্শকো ছবিঘৰলৈ অহা নাই। পৰিয়াল-পৰিজনৰ সহায়ত কলাকুশলীসকলৰ খাদ্য তথা নিত্য ব্যৱহাৰ্য সামগ্ৰী সংগ্ৰহ কৰা হৈছে আৰু সকলোৱেই সন্মতি প্ৰদান কৰিছে নিজৰ পৰিশ্ৰমিক পিছত ল’বলৈ। “এই ধৰণৰ এটা কলা-কুশলীৰ দল তথা পৰিয়াল লাভ কৰি মই অতিশয় ভাগ্যৱান। আমি আশা কৰিছোঁ এইবাৰেই শেষবাৰৰ বাবে সহায়ৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব। যদিহে লোকেল উৎপাতে বাজেট ঘূৰাই আনিব পাৰে, তেন্তে সেই ধনেৰে আমি পৰৱৰ্তী চিনেমাবোৰ নিৰ্মাণ কৰি যাব পাৰিম। মই বিভিন্ন ধাৰাৰ চিনেমা নিৰ্মাণ কৰিব বিচাৰোঁ – ৰোমাণ্টিক কমেডী, হৰৰ, মাৰ্ডাৰ মিষ্ট্ৰী, লোকেল কুংফু ৩ ইত্যাদি ইত্যাদি,” তেওঁ কয়।

লোকেল উৎপাতৰ শীৰ্ষ যুটি হৈছে বনী দেউৰী আৰু পুনম গুৰুং। লোকেল কুংফুৰ নাম্বাৰ ৱান আণ্ডাৰ ১৮ ডন বনজ’ৰ ভূমিকাত আৰু হেভী বাজেট কমেডী চেনেলত দেখা কামৰ বাবে বিখ্যাত বনী। ছাছপেণ্ডেড ইন্সপেক্টৰ বড়োত আগবঢ়োৱা দুৰ্দান্ত অভিনয়ৰ বাবে পুনম মনোনীত হৈছিল প্ৰাগ চিনে এৱাৰ্ডছৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ শাখাত। অন্য কলা-কুশলীসকলৰ ভিতৰত আছে লোকেল কুংফু/হেভী বাজেট গেং। ইয়াৰ সৈতে সংযুক্ত হৈছে বহু চৰ্চিত চলচ্চিত্ৰ বৰনদী ভটিয়ায়ৰ হিমাংশু গগৈ আৰু কৌশিক নাথ।

কেনীয়ে প্ৰতিশ্ৰুতি দিছে যে এইখন হৈছে সম্পূৰ্ণৰূপে কমেডী চিনেমা যিখন বন্ধু আৰু পৰিয়ালৰ সৈতে কেইবাবাৰো উপভোগ কৰিব পাৰিব। ইয়াৰ পূৰ্বে এই দলটোৱে লোকেল কুংফু ২ৰ বাবে সফলতাৰে wishberry.inৰপৰা ৮.৯ লাখ টকা ক্ৰাউডফাণ্ডিং কৰিবলৈ সক্ষম হৈছিল। ছবিঘৰলৈ বাহুবলী ২ নহা পৰ্যন্ত চলচ্চিত্ৰখনে ভাল প্ৰদৰ্শন কৰিছিল।
লিংক:
ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো চাবলৈ https://www.moviesaints.com/sib
সহযোগ কৰিবলৈ ক্লিক কৰকhttps://www.wishberry.in/campaign/local-utpaat