গুৱাহাটী, ২০ এপ্ৰিলঃ অসমৰ কামাখ্যা দেৱালয় হেৰিটেজ শিতানত ইণ্ডিয়া  টুডে পৰ্যটন বঁটাৰ বাবে নিৰ্বাচিত হৈছে৷ ইণ্ডিয়া টুডে গ্ৰুপে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য  চৰকাৰে মনোনিত কৰা জনপ্ৰিয় পৰ্যটক স্থলসমূহক লৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল৷  এই ক্ষেত্ৰত  ছ’ছিয়েল মিডিয়াৰ জৰিয়তে পঢুৱৈসকলক ভােটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰা হৈছিল। ৰিভিন্ন শিতানত দেশব্যাপী ভােটদানত কামাখ্যা দেৱালয়ে সৰ্বোচ্চ ভোটলাভ কৰে ৷ফলাফলসমূহ IPSOS দ্বাৰা গ্ৰহণ কৰা হৈছিল আৰু উদ্যোক্তাসকলে অন্তিম ফলাফল কাৰণে এক স্থানীয় জৰীপ কৰিছিল। ২০ এপ্ৰিলৰ সন্ধিয়া  ৬:৩০ বজাত নতুন দিল্লীস্থত হোটেল ললিত অনুষ্ঠিত  হ’বলগীয়া এক বাৰ্ণাঢ্য অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱায়ে কামাখ্যা দেৱালয়ৰ হৈ এই বঁটা গ্ৰহণ কৰিব।