কাকপথাৰৰ পৰা ভাস্কৰজ্যোতি ভূঞা, সংবাদ ৩৬৫, ১১ আগষ্ট: সমাগত স্বাধীনতা দিৱস উপলক্ষে তৎপৰ হৈ উঠিছে তিনিচুকীয়া আৰক্ষী।তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলটোত উগ্ৰপন্থীৰ কূটাঘাট মুলক কাৰ্য সংঘটিত কৰাৰ আশংকাত আজি কিছু দিনৰ পৰা আৰক্ষী অধিক সষ্টম হৈ পৰা লগতে অসম অৰুনাচল সীমান্তবৰ্তী এলেকা সমূহত ব্যাপক অভিযান আৰম্ভ কৰে। কূটাঘাটমুলক কাৰ্য সংঘটিত কৰি অহাৰ পৰিপ্ৰেক্ষিতত তিনিচুকীয়া আৰক্ষীৰ অভিযান। আগন্তুক স্বাধীনতা দিৱসলৈ মাজত মাথো তিনিটা দিন বাকী থকাত জিলাখনৰ অসম – অৰুণাচল সীমান্তৰ কাকপথাৰ, বৰডুমচা ,পেঙেৰী,জাগুন আদি অঞ্চলসমুহত অালফা(স্বা),এন এচ চি এন,এন ডি এফ বিৰ দৰে উগ্ৰপন্থীৰ দলে আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰি কূটাঘাট মুলক কাৰ্য সংঘটিত কৰি আহিছে। আৰু তাৰ আশংকাতে অাৰক্ষী অধিক সষ্টম হৈ পৰিছে। বিগত ৪অাগষ্টত কাকপথাৰৰ লাজুম গাওঁত গুলিয়াগুলিৰ ঘটনা হৈ যোৱাৰ উপৰিও সাত অাঠমাহ পূৰ্বে আলফা (স্বা) য়ে সোণজানত পিতা পুত্ৰক গুলিয়াই হত্যা কৰা পিছতেই বৰডুমচাত অাৰক্ষী বিষয়া ভাস্কৰ কলিতাক গুলিয়াই হত্যা কৰাৰ উপৰি ও জিলা খনৰ বিভিন্ন ঠাইত ধন সংগ্ৰহ কৰাৰ উপৰিও অালফা (স্বা) য়ে কেইবাটাও অপহৰণ কাণ্ডও সংঘটিত কৰাৰ ফলত তিনিচুকীয়া জিলা অাৰক্ষী- সেনাৰ বাবে মুৰৰ কামোৰনি হৈ পৰিছিল।সন্প্ৰতি সমাগত স্বাধীনতা দিৱসত ভয়াবহ কূটাঘাটৰ পৰিকল্পনা কৰাৰ তথ্য অাৰক্ষী লাভ কৰাৰ পিছতেই তিনিচুকীয়া জিলাখনত অাৰক্ষী -সেনাই দিনে নিশাই পহৰা দি অধিক সষ্টম হৈ থকাৰ লগতে সময়ে সময়ে বিভিন্ন ঠাইত উগ্ৰপন্থী বিৰোধী অভিযান চলাইছে। অাৰক্ষীৰ এক সূত্ৰ পৰা জানিব পৰা মতে আগন্তক স্বাধীনতা দিবসৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনত কুটাঘাট কায্য সংঘটিত কৰাৰ লক্ষ্য ৰে আলফা (স্বা) ৰ দুধৰ্ঘ নেতা জান (অসম) , উদয় (অসম) , আৰু ৰূপম (অসম) , জ্ঞান অসম ,টাইগ’ৰ অসমৰ সৈতে থকা এটা আঠ জনীয়া গ’ৰিলা দলে অত্যানুধিক অস্ত্ৰ সস্ত্ৰৰে সু সজ্জিত হৈ অসম-অৰুণাচলৰ সীমান্তবৰ্তী গোপন স্থানত এন এচ চি এনৰ সহযোগত বাহৰ পাতি স্বাধীনতা দিৱসত কূটাঘাট সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে এই আঠ জনীয়া দলটোৱে বিভিন্ন কৌশলেৰে অসমত প্ৰবেশ কৰাৰ চেষ্টা অব্যাহত ৰাখিলে যদিও আৰক্ষী – সেনাৰ নিশ্চিদ্ৰ নিৰাপত্তাৰ বাবে ব্যৰ্থ হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে অালফাৰ সৈতে কৰা শান্তি অালোচনা ক্ৰমাত স্থিমিত হৈ যোৱাত পুনৰ একাংশ ন পুৰণি যুৱক যুৱতীয়ে অালফা (স্বা)ত যোগদান কৰি সংগঠনটো শক্তিশালী ৰূপত অাত্মপ্ৰকাশ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।