আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৮ নৱেম্বৰ

আগন্তক ২০২১ বর্ষৰ নিৰ্বাচনৰ পূৰ্বে উজনি অসমৰ শিৱসাগৰত বিজেপি মুখী হ’ল কেইবা শতাধিক লোক। শিৱসাগৰত দুই শতাধিক সংখ্যালঘু লোকসহ তিনি শতাধিক লোকে যোগদান কৰে বিজেপিত।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই শিৱসাগৰত প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাবলৈ ধৰিছে ৷ বিগত দেৰ মাহত বিজেপিৰ কেইবাগৰাকী হাই প্ৰফাইল নেতাই শিৱসাগৰ ভ্ৰমণ কৰাৰ অন্তত দেওবাৰে শিৱসাগৰৰ ঐতিহাসিক মেটেকাত দুই শতাধিক মুছলিম সংখ্যালঘু লোক আৰু অন্যান্য জাতি-জনগোষ্ঠীৰ এক শতাধিক লোকে যোগদান কৰে বিজেপিত। শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকুমাৰীৰ নেতৃত্বত ৰংপুৰ শক্তি কেন্দ্ৰৰ প্ৰমূখ চালেহা বেগমৰ সহযোগত শিৱসাগৰৰ ঐতিহাসিক মেটেকাৰ মেটেকা কলা কেন্দ্ৰত বিজেপিৰ ৰংপুৰ মণ্ডলৰ উদ্যোগত ৰংপুৰ পঞ্চায়তৰ যোগদান কাৰ্যসূচীত অনুষ্ঠিত যোগদান সভাত বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেতা ভৱেন মহন, ক্ৰীড়াবিদ তথা বিজেপিৰ নেতা বিজিত গগৈ, আমগুৰি মছজিদ কমিটীৰ সহকাৰী সম্পাদক আব্দুল আজিজ, হেমন্ত কুমাৰ গগৈ, মুজিবুৰ ৰহমান, ৰূবী গগৈ, দিগন্ত মাউত, জিন্তু দত্ত, ৰিপুঞ্জীত কেউট, তৰুণী গগৈ, প্ৰশান্ত গগৈ, ববাতি আলি আৰু মণ্ডলৰ কেইবাজনো শক্তি কেন্দ্ৰৰ প্ৰমূখ, বুথৰ সভাপতি উপস্থিতিত থাকে।

বিভিন্ন শ্ৰেণীৰ এই সকল যোগদান কৰা ব্যক্তিক ভৱেন মহন, বিজিত গগৈ আৰু প্ৰশান্ত গগৈয়ে দলৰ প্ৰতীক আৰু একোটাকৈ টুপিৰে আদৰণী জনাই ৷ যোগদান সভাখনত অঞ্চলটোৰ প্ৰায় তিনি  শতাধিক গণ্য মাণ্য বিশিষ্ট ব্যক্তিও অংশ গ্ৰহণ কৰে৷