আমিনুৰ ৰহমান সৈতে খলিলুৰ ৰহমান হাজৰিকা
শিৱসাগৰ
৯ ছেপ্টেম্বৰ

শিৱসাগৰত ভয়ংকৰ কাণ্ড৷ কভিড চিকিৎসাত ব্যৱহৃত পি পি ই কিট পিন্ধি ৰাজপথত বিচৰণ মানসিকভাৱে অসুস্থ ব্যক্তিৰ৷ শিৱসাগৰ চহৰৰ পৰিবহণ নিগম তিনিআলিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

বুধবাৰে পুৱাৰ ভাগত ব্যস্ত ৰাজপথৰ ওপৰত পি পি ই কিট পিন্ধি মানসিকভাৱে অসুস্থ ব্যক্তিৰ মুক্ত বিচৰণক লৈ সমগ্ৰ নগৰখনতেই এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ একাংশ সচেতন ব্যক্তিয়ে ব্যৱহৃত পি পি ই কিট পিন্ধি মুক্ত বিচৰণ কৰা মানসিকভাৱে অসুস্থ ব্যক্তিজনক প্ৰতক্ষ্য কৰি ব্যক্তিজনক পি পি ই কিট খুলি পেলাবৰ বাবে বাৰম্বাৰ অনুৰোধ জনাই যদিও ব্যক্তিজনে সেই অনুৰোধ প্ৰত্যাখান কৰি কেপি চাৰিআলিৰ দিশে আগুৱাই যায়৷ উল্লেখ্য যে, কৰ’ণা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এই পি পি ই কিট ব্যৱহাৰ কৰা হয়৷ কভিড প্ৰটকল অনুসৰি ব্যৱহাৰৰ অন্তত পি পি ই কিট সমুহ নিদিষ্ট স্থানত সুৰক্ষিত ভাৱে ৰখাটো নিয়ম৷ এবাৰ ব্যৱহাৰ কৰাৰ পিছত এনে কিট সমুহ ধংস কৰি দিয়া হয়৷ কোনো স্বাস্থ্য বিভাগৰ লগত জড়িত কৰ্মীয়ে কিট সমুহ ব্যৱহাৰৰ অন্তত উন্মুক্তভাৱে ৰাজহুৱা স্থানত পেলাই দিয়াৰ বাবেই এনে ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে৷ প্ৰায় দুমাহ মান পূৰ্বেও গুৱাহাটী মহানগৰীৰ লখৰাত এজন মানসিকভাৱে অসুস্থ ব্যক্তিয়ে পি পি ই কিট পৰিধান কৰি ৰাজপথত ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ সমান্তৰালে বিভিন্ন স্থানত পৰিত্যক্ত অৱস্থাত পি পি ই কিট উদ্ধাৰ হৈছিল।

কভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা পি পি ই কিট মানসিকভাৱে অসুস্থ ব্যক্তি এজনে পৰিধান কৰি চহৰৰ মাজত ঘূৰি ফুৰাক কেন্দ্ৰ কৰি শিৱসাগৰ চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মানসিকভাৱে অসুস্থ ব্যক্তিজনে পি পি ই কিট পৰিধান কৰি ঘুৰি ফুৰা স্থানটোৰ পৰা নগৰৰ মডেল কভিড হস্পিতেলৰ দূৰত্ব মাথো ৫০০ মিটাৰ৷