আমিনুৰ ৰহমান সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৮ ছেপ্টেম্বৰ

সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দেৰগাঁও আঞ্চলিকৰ সভাপতি নিৰঞ্জন দাসক বিজেপি কৰ্মীয়ে কৰা আক্ৰমণৰ ন্যায় বিচাৰি প্ৰতিবাদ। বিজেপি আৰু আৰ এছ এছক তীব্ৰ সমালোচনা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতা-কৰ্মীৰ।

মঙলবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সদৌ শিৱসাগৰ অনুসূচিত জাতি ছাত্ৰ সন্থাই। শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি, আৰ এছ এছক তীব্ৰ সমালোচনা কৰে সন্থাৰ নেতা তথা সদস্য সকলে। যোৱা ১ ছেপ্টেম্বৰ তাৰিখে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দেৰগাঁও আঞ্চলিকৰ সভাপতি নিৰঞ্জন দাসক বিজেপিৰ এজন কৰ্মী ৰাজু শইকীয়াই ৰাজপথতে হত্যা কৰাৰ চেষ্টাত ব্ৰতি হৈ তেওঁক মাৰ ধৰ কৰিছিল। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত অনুসূচিত জাতি ছাত্ৰ সন্থাই বিভিন্ন কাৰ্যপন্থাৰ মাধ্যমেৰে বিজেপি কর্মী জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক অবগত কৰি আহিছে যদিও আজি ৭ দিন উকলি যোৱাৰ পিছতো কেৱল খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ঘনিষ্ঠ হোৱাৰ বাবেই অপৰাধী ৰাজু শইকীয়া এতিয়াও মুকলি আকাশৰ তলত বিচৰণ কৰি থকাৰ সুবিধা পাইছে। এই অভিযোগ উত্থাপন কৰিছে সন্থাৰ জিলা সমিতিৰ সভাপতি বিদ্যুৎ দাসে। সন্থাৰ জিলা সমিতিৰ সম্পাদক মৃদুল দাসে কয় যে সমগ্ৰ অসমৰ প্ৰশাসন যন্ত্ৰটোৱে বিজেপি আৰু আৰ আৰ এছৰ স্বাৰ্থত কাম কৰিছে। ইয়াৰোপৰি প্ৰতিবাদস্থলীত উপস্থিত থাকি সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সত্যনাৰায়ন দাস, জিলা সাংগঠনিক সম্পাদক ৰবীন চন্দ্ৰ বৰাই বিজেপি চৰকাৰ আৰু প্ৰশাসনক তীব্ৰ ভাষাৰে সমালোচন কৰে।

প্ৰতিবাদস্থলীৰ পৰাই সন্থাই স্পষ্ট কৰি দিয়ে যে বিজেপি, আৰ এছ এছৰ গুণ্ডামীলৈ অনুসূচিত জাতি ছাত্ৰ সন্থাই ভয় নকৰে। জিলা সমিতিৰ সভাপতি সম্পাদক স্বাক্ষৰিত এখন স্মাৰকপত্ৰও জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মূখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে সন্থাই। স্মাৰকপত্ৰত ৪৮ ঘন্টাৰ ভিতৰত অনুসূচিত জাতি জনজাতি আতিশাৰ্য্য প্ৰতিৰোধ আইনৰ ভিত্তিত গোচৰ ৰুজু কৰি অপৰাধীক আটক কৰি বিহিত ব্যবস্থা গ্ৰহণ নকৰিলে আৰু ভুক্তভোগি নিৰঞ্জন দাসক উচিত ক্ষতিপূৰণ প্ৰদানৰ ব্যবস্থা গ্ৰহণ নকৰিলে সমগ্ৰ অসম জুৰি জংগী আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সন্থাই।