আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

২০ নৱেম্বৰ

ৰাজ্যত পুনৰ আক্ৰমণ চলিল সাংবাদিকৰ ওপৰত। মানকাচৰত জৰাজীৰ্ণ পথৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণৰ চেষ্টা ঠিকাদাৰৰ। মেহমুদ হাচান নামৰ এগৰাকী গুণ্ডা ৰূপী ঠিকাদাৰে আক্ৰমণত চলালে সাংবাদিকৰ ওপৰত।

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু, দক্ষিণ কামৰূপৰ সাংবাদিক মিলন মহন্তক বিদ্যুৎৰ খুটাত বান্ধি গণ প্ৰহাৰ ইয়াৰ পিছত শুকুৰবাৰে পুৱা ১১ বজাত হাটশিঙিমাৰীস্থিত সাংবাদিকৰ এটা সঁজাতি দলক আক্ৰমণ কৰিলে ঠিকাদাৰ ৰূপী গুণ্ডাই। মানকাচৰৰ কঠালবাৰীত জৰাজীৰ্ণ পথ এটাৰ বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত ঠিকাদাৰ ৰূপী গুণ্ডা মেহমুদ হাচান ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিকৰ সঁজাতি দলটোক আক্ৰমণৰ চেষ্টা কৰে। উল্লেখ্য যে, মেহমুদ হাচানৰ বিৰূদ্ধে স্থানীয় ৰাইজে অতি নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণৰ কাম কৰাৰ আহিযোগ উত্থাপন কৰাত সাংবাদিকৰ দলটোৱে পথ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত হৈ থকা দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল। ঠিকাদাৰ জনে নিজৰ দুৰ্নীতিক গাপ দিবলৈ সাংবাদিকৰ ওপৰত ধন বিচৰাৰ মিছা অভিযোগ তুলে যদিও সাংবাদিকৰ সঁজাতি দলটোৱে ধন বিচৰাৰ প্ৰমাণ বিচৰাত গুণ্ডা ৰূপী ঠিকাদাৰ জনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।আনহাতে মানকাচৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ডাঃ মতিউৰ ৰহমান মাণ্ডলৰ অতি ঘনিষ্ঠ ঠিকাদাৰ মেহমুদ হাচানে বাতৰি সংগ্ৰহ কৰা দেখি থৰকাচুটি হেৰুৱাই কেমেৰাৰ সন্মুখতে অসভ্যালি আচৰণ কৰি সাংবাদিকৰ ওপৰত মিছা অভিযোগ তুলি নিজে বাচি যোৱাৰ চেষ্টা চলায়।

এতিয়া প্ৰশ্ন হয় মানকাচৰ সমষ্টিৰ কংগ্ৰেছী বিধায়কৰ ঘনিষ্ঠ হোৱাৰ বাবেই সাহস পাইছে নেকি সাংবাদিকক আক্ৰমণ কৰাৰ। সম্প্ৰতি উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শেহতীয়াকৈ দক্ষিণ শালমাৰা মানকাচৰ প্ৰশাসনে ইয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্ত্তী সময়ত হে হ’ব লক্ষ্যণীয়।