নলবাৰী
২০ নৱেম্বৰ

নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ বেংক ডকাইতি কাণ্ড। ডকাইতৰ গুলীত আহত এজন। দিন দুপৰতে পিষ্টল দেখুৱাই বেংকৰ পৰা লুটি নিলে ৬০ লাখ টকা।

নলবাৰী জিলাৰ পাঞ্জাৱ নেশ্যনল বেংকৰ অমিয়াপুৰ শাখাত শুকুৰবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা। চাৰিজনীয়া ডকাইতৰ দলে বেংকত গুলী ফুটাই লৈ যায় ৬০ লাখ টকা। ডকাইতৰ দলটোৰ গুলীত নয়ন দাস নামৰ এখন লোক অহাত হোৱা বুলি জানিব পৰা গৈছে৷ চাৰিজনীয়া ডকাইতৰ দলটোৱে ডকাইতি কাণ্ড সংঘটিত কৰি বেংকৰ পৰা ওলাই যোৱাৰ সময়ত বাহিৰত তিনি জাইকৈ গুলী ফুটি পলায়ন কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে৷ বৰ্তমান ঘটনাস্থলীত নলবাৰী আৰক্ষী অধিক্ষক অমনজিৎ ক’ৰসহ আৰক্ষীৰ কেইবাগৰাকী বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। বেংকৰ ভিতৰত এটা সক্ৰিয় নাইন এম এমৰ গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

দিন দুপৰতে নলবাৰীৰ অময়াপুৰৰ দৰে জনবহুল অঞ্চলত ডকাইতৰ দলে ডকাইতি কাণ্ড সংঘটিত কৰি নিৰ্বিঘ্নে আতৰি যোৱাত স্থানীয় লোকে নলবাৰী আৰক্ষীৰ ব্যৰ্থতা বুলি অভিহিত কৰিছে। বৰ্তমানলৈ কোনো এজন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই নলবাৰীৰ আৰক্ষীয়ে।