নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ বাৰিষাৰ পূৰ্বে ভঙা মাথাউৰিক লৈ শংকিত হৈ পৰিছে ৰাজ্যৰ নৈ পৰিয়া ৰাইজ। চৰকাৰে ৰাজ্যৰ ভঙা মাথাউৰি সমূহ নিৰ্মাণৰ সময়সীমা বান্ধি দিছে যদিও চৰকাৰ ওপৰত আস্থা নাই ৰাইজৰ। চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই বাক্সা জিলাৰ মুছলপুৰ ৰাইজ সেনাৰ সহায়ত ভঙা মথাউৰি মেৰামতিৰ ওলাই আহে দেওবাৰে। মাথাউৰি নিৰ্মাণৰ বাবে সেনাৰ লগত মুছলপুৰ কেইবাশ পুৰুষক সহযোগ কৰিবলৈ পাকঘৰ এৰি ওলাই আছে মহিলা সকলো৷ বাক্সা জিলাৰ বৰমা বিধান সভা সমষ্টিৰ অন্তৰ্গত মৰা পাগলাদিয়া নৈৰ প্ৰবল সোতে প্ৰতি বছৰে তাণ্ডৱ সৃষ্টি কৰে আলাগজাৰ, কালজাৰ, বৰজাৰ, সুৰাদিকে ধৰি কেবাখনো গাঁৱত। চলিত বৰ্ষত চৰকাৰৰ ফলৰ পৰা এনৰেগা আচনিৰ অধিনত কালজাৰ গাঁৱৰ ভঙা মথাউৰিটোৱে মেৰামতিৰ বাবে অনুমতি লাভ কৰিছিল যদিও আচনিৰ ধন সম্পুৰ্ণ মোকোলাই নিদিয়াৰ ফলত আধৰুৱা হৈ আছে মথুৰীটোৰ মেৰামতিৰ কাম৷ বাৰিষালৈ মাজত আৰু বেছি দিন নথকাত বানপানীকলৈ বৰ্তমান শংকিত হৈ পৰিছে অঞ্চলটোৰ নৈ পৰিয়া ৰাইজ। বানপানীৰ প্ৰবল সোতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ অঞ্চলটোৰ ৰাইজে বৰমাস্থিত ভাৰতীয় সেনাৰ ১৫ নং জাট ৰেজিমেন্টৰ সহায় লৈছে। সেনাৰ সহযোহত অঞ্চলটোৰ পুৰুষ সকলৰ লগতে ভঙা মাথাউৰি মেৰামতি কৰিবলৈ দেওবাৰে পাকঘৰৰ ওলাই আহে মহিলা সকলেও। বিগত প্রায় ৩০ বছৰে এই অঞ্চলৰ ৰাইজে বানপানীৰ সময়ত নিজৰ ঘৰ এৰি অঘৰীৰ দৰে জীৱন নিৰ্বাহ কৰিব লগা হয় বুলি স্থানীয় ৰাইজে মন্তব্য প্ৰকাশ কৰে। এতিয়া প্ৰশ্ন হয় চৰকাৰে এই সকল নৈ পৰিয়া ৰাইজৰ বেদনা অনুভব কৰি বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো সমাধান কৰিবনে অকল সময়সীমা বান্ধি নিজৰ দায়িত্ব সামৰিব।