সোণাপুৰ, ২০ মেঃ সোণাপুৰৰ আৰক্ষী থানাৰ অন্তৰ্গত নাজিৰাঘাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়৷ এখন তীব্ৰবেগী ট্ৰাকে পূৰ্বৰ পৰা ৰখাই থোৱা টাটা ডি আই বাহন খনক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়৷ প্ৰাপ্ত তথ্য অনুহৰি, নিশা ১০.৩০ বজাত নাজিৰাঘাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান্ত্ৰিক বিজুতিৰ পৰা ৰখাই থোৱা এএছ০১ কিউ ৮২৪৩ নম্বৰৰ টাটা ডি আই খনক এএছ০১ জিচি ৫৪৯৮ নম্বৰৰ নগাঁওৰ পৰা গুৱাহাটী অভিমুখী তীব্ৰবেগী ট্ৰাকখনে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে৷ দুৰ্ঘটনাত টাটা ডি আই খনৰ চালক গোলজাৰ আলি (১৮) মূৰত আঘাট লগাত থিতাতে নিহত হয়৷ আনহাতে দুৰ্ঘটনাটো সংঘটিত কৰি ট্ৰাক খনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷