সোনাপুৰ, ১৫ ডিচেম্বৰঃ শুক্ৰবাৰৰ পৰা সোনাপুৰৰ গড়কাপ্তানী বাংলোত আৰম্ভ হৈছে যোগদল হত্যাকাণ্ডৰ ৰাজহুৱা সাক্ষ্য প্ৰদানৰ ব্যৱস্থা। শুক্ৰবাৰে পুৱাৰ ভাগত চিআইডি এক তদন্তকাৰী দল আহি সোনাপুৰৰ গড়কাপ্তানী বাংলোত উপস্থিত হৈ সাক্ষ্য গ্ৰহণ আৰম্ভ কৰিছে। তিনিদিম ধৰি চলিবলগীয়া এই সাক্ষ্য প্ৰদান ব্যৱস্থা ১৮ ডিচেম্বৰত সমাপ্ত হব।  জানিব পৰা মতে যদি কোনো লোকে গোপানী ভাবে সাক্ষ্য প্ৰদান কৰিব বিচাৰে তেন্তে তেওঁ ৯৪০১৫১৫০৬৭ নম্বৰত যোগাযোগ কৰিব পাৰে আৰু তেওঁৰ পৰিচয় সম্পূৰ্ণৰূপে গোপন ৰখা হব। উল্লেখ্য যে ২০০৯ চনত মহানগৰীৰ সমীপৱৰ্তী সোনাপুৰৰ যোগদলত হৰকান্ত দলে, স্বপ্না দলেসহ তিনিজনকৈ শিশুক দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিছিল। এই হত্যাকাণ্ডই সমগ্ৰহ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল কৰিছিল আৰু এই হত্যাকাণ্ডৰকলৈ চৰ্চিত হৈছিল এজন কংগ্ৰেছৰ নেতাও। এই হত্যাকাণ্ডৰ প্ৰমাণ নষ্ট কৰাৰ অভিযোগত চিআইডিয়ে যোৱা ৭ ডিচেম্বৰত দুজনকৈ তাদন্তকাৰী বীক্ষাকো গ্ৰেপ্তাৰ কৰিছে।