চৰাইদেউ, ১৫ ডিচেম্বৰঃ টাই আহোম যুৱ পৰিষাদ, অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত শুক্ৰবাৰে ঐতিহ্যমণ্ডিত ধোদৰ আলি অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হয়। তিৱা, ৰাভা আৰু মিচিং জানগোষ্টীক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ বিৰুদ্ধে আৰু টাই আহোম জানগোষ্টীৰ জনজাতী কৰণৰ দাবীত চৰাইদেউ জিলাৰ টিয়কঘাটত এই অৱৰোধ কাৰ্য্যসূচী ৰূপনায়ন কৰা হয়। অৱৰোধ কৰিয়ে বিজেপি চৰকাৰ মূর্দাবাদ, ন এছটি ন ৰেষ্ট শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু ৰাজ্য চৰকাৰখনে যদি অতি শীঘ্ৰে টাই আহোম জনজাতীক জনজাতী কাৰণ নিদিয়ে তেন্তে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰাৰো হুংকাৰ দিয়ে অৱৰোধকাৰীয়ে।