গুৱাহাটী

২৮ নবেম্বৰ

স্বাধীকাৰ দাবীত একেখন মঞ্চত মিলিত হ’ল দুকুৰিৰো অধিক সংগঠন। প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিবলৈ চৰকাৰক ৩১ ডিচেম্বৰলৈ সময়সীয়া জনগোষ্ঠীয় সমন্বয় পৰিষদ,অসমৰ।গুৱাহাটীত অনুষ্ঠিত হ’ব বিশাল সংগ্ৰামী সমাবেশ।

স্বাধিকাৰ দাবীত একেখন মঞ্চত মিলিত হ’ল দুকুৰিৰো অধিক সংখ্যালঘু সংগঠন। ব্যাপক প্ৰবজনৰ বাবে সৰ্বদিশতে বঞ্চিত হৈছে অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকল। এনে আগ্ৰাসন প্ৰতিহত কৰিবলৈ গুৱাহাটীত শনিবাৰে অনুষ্ঠিত হোৱা জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসমৰ এখন সভাত মিলিত হ’ল গৰিয়া-মৰিয়া-দেশী-জলহা সম্প্ৰদায়ৰ ২৩ টা সংগঠনসহ শিখ, জৈন, বৌদ্ধ আৰু খ্ৰীষ্টান সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা দুকুৰিৰো অধিক খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘু সংগঠন। এই সংগঠন সমূহে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সমূহ অহা ৩১ ডিচেম্বৰৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰক সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে। অন্যথা কফোৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে। আনহাতে অহা ৩১ জানুৱাৰীৰ পূৰ্বে অসমৰ ধৰ্মীয় খিলঞ্জীয়া সংখ্যালঘু জনগোষ্ঠী সমূহৰ এক লক্ষাধিক লোকক লৈ বিশাল সংগ্ৰামী সমাবেশ আয়োজনৰ সিদ্ধান্ত লোৱা হয়। জনগোষ্ঠীয় সমন্বয় পৰিষদৰ আহ্বায়ক চৈয়দ মুমিনুল আৱাললৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট চিকিৎসক পদ্মশ্ৰী ইলিয়াচ আলী। অভিনেতা তৌফিক ৰহমান, সাহিত্যিক ইমৰাণ হুছেইন, জি এম ডি এৰ উপাধক্ষ্য আব্দুল মান্নান ফাৰুকৰ লগতে সংখ্যালঘু সংগঠন সমূহৰ প্ৰতিনিধিসকলে পূৰ্ববংগীয় মুছলমানৰ আগ্ৰাসনত গভীৰ উদ্বেগ প্ৰকাশ কৰি খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। সভাখনৰ জৰিয়তে চৰকাৰৰ তৰফৰ পৰা সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ লগতে পিছপৰা শ্ৰেণী, অতি পিছপৰা শ্ৰেণী, অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰিব পৰাকৈ উচ্চ সদন গঠন কৰা আৰু ১০২ টা বিধানসভা সমষ্টিক সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈও দাবী জনায়। ইয়াৰ উপৰিও ৰাজহ বিভাগৰ দ্বাৰা গৰিয়া-মৰিয়া-দেশী-চাহ জনগোষ্ঠী জলহা, অসমীয়া শিখ বৌদ্ধ বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ জৰীপ কৰা দেশী উন্নয়ন পৰিষদ, গাৰো উন্নয়ন পৰিষদ, জৈন উন্নয়ন পৰিষদ, অসমীয়া শিখ উন্নয়ন পৰিষদ, গৰিয়া-মৰিয়া-দেশী-জলহাসকৰ বাবে উন্নয়ন নিগম গঠন কৰা। চৰকাৰে ২০১৮-১৯ বৰ্ষৰ বাজেটত ধাৰ্য কৰা ১০০ কৌটি টকা মোকলাই দিয়া, সকলো খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীৰ বাবে গুৱাহাটীত সামূহিক কেন্দ্ৰ স্থাপন কৰা, কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদত দেশী জনগোষ্ঠীৰ প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰা, ৱাকফ বৰ্ডৰ সম্পত্তিৰ জৰীপ, ৱাকফ বৰ্ডৰ ভূমি বেদখল মুক্ত কৰা, ৱাকফ কাৰ্যালয় নিৰ্মাণ, হজ সমিতিৰ কাৰ্যালয় নৰ্মাণ, হজৰ ভাড়া ভাৰতৰ অন্য ৰাজ্যৰ সমপৰ্যায়ৰ কৰা, সংখ্যালঘু আয়োগ, ৱাকফ বৰ্ড হজ সমিতি গৰিয়া-মৰিয়া আৰু জলহা উন্নয়ন পৰিষদ পুনৰ গঠন কৰা, শীঘ্ৰে আজান পীৰ বটা প্ৰদান কৰা, প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰা আৰু বিধানসভা নিৰ্বাচনত সকলো দলকে অতি কমেও ৫ টা সমষ্টিত খিলঞ্জীয়া সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধি প্ৰক্ষেপ কৰিবলৈ দাবী জনায়।

আন এক সিদ্ধান্ত মৰ্মে পৰিষদে ৩১ জানুৱাৰীৰ পূৰ্বে গুৱাহাটীত আৰু তাৰ পিছত গোলাঘাট আৰু ধুবুৰীত বিশাল সংগ্ৰামী সমাবেশৰ আয়োজন কৰিব। সভাৰ পাছতে সংবাদমেল এখন সম্বোধন কৰি এই কথা সদৰি কৰে জনগোষ্ঠীয় সমন্বয় পৰিষদৰ আহ্বায়ক মুমিনুল আৱালে।