কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২২ জানুৱাৰীঃ  আহোম ৰাজ বিষয়া চণ্ডী বৰুৱাৰ ৰাজহাউলীৰ হাউলি নগৰৰ মাজমজিয়াত থকা ত্ৰিকন্যা ভৱনত এক আৰম্বৰপূৰ্ণ অনুষ্ঠানত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত সমন্বয় বঁটা প্ৰদান কৰা হয়। আমছুৰ প্ৰতিষ্ঠাপক শিক্ষাবিদ তথা লেখক সাংবাদিক প্ৰয়াত তাজউদ্দিন আহমেদ সমন্বয় বঁটা সত্ৰাধিকাৰ গনেশ চন্দ্ৰ অধিকাৰীক আৰু বিশিষ্ট আইনজীৱি আমছুৰ প্ৰতিষ্ঠাপক এম হামিদুৰ ৰহমান সোঁৱৰণী বঁটা প্ৰদান কৰে কলগাছিয়া নৱজ্যোতি মহাবিদ্যালৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা সংখ্যালঘু আন্দোলনৰ নেতা এম মোজাম্মিল হুছেইনক। বঁটা গ্ৰহন কৰি ৮০ৰ উৰ্ধৰ সত্ৰাধিকাৰ শ্ৰী গনেশ চন্দ্ৰ অধিকাৰীয়ে আমছুক অসমৰ জাতীয় জীৱনক শংকৰ আজানৰ আদৰ্শৰে আগুৱাই নিয়াৰ বাবে আহ্বান জনায়। সভাখনত সত্ৰাধিকাৰ গৰাকীৰ শাৰীৰিক অসুস্থতাৰ বাবে সত্ৰাধিকাৰ পুত্ৰ অপূৰ্ব অধিকাৰীয়ে পশ্চিম বৰপেটাৰ সমন্বয় সম্প্ৰীতিৰ স্থলী ঐতিহাসিক মইনবড়ী অঞ্চলত অসম আন্দোলনৰ সময়ত কি দৰে হেজাৰ হেজাৰ মুছলমান পৰিয়ালে একমাত্র অসমীয়া হিন্দু পৰিয়াল সত্ৰাধিকাৰ পৰিয়ালটোক সুৰক্ষা প্ৰদান কৰিছিল তাৰ ওপৰত বক্তব্য প্ৰদান কৰি থকা সময়ত আবেগিক পৰিবেশৰ সৃষ্টি হয়। আন্দোলনৰ পিছত সত্ৰাধিকাৰ পৰিয়ালটোত দেখা দিয়া আৰ্থিক দুৰৱস্থাৰ বাবে মুছলমান লোকে তেল ধুপ প্ৰদান কৰি সত্ৰখন পৰিচলনা কৰিছিল বুলি উল্লেখ কৰে। সত্ৰাধিকাৰ প্ৰভু জনাৰ মানৱতাবাদী চিন্তাক সন্মান জনাই সত্ৰখনলৈ মুছলমান সম্প্রদায়ৰ বিশিষ্ট শিক্ষাবিদ প্ৰাক্তন বিধায়ক শ্বেখ আব্দুল হামিদ আৰু মইনবড়ী মুছলমান কৃষক আব্দুল আজিজে এখন তাল দান কৰি এক মহান আদৰ্শ দাঙি ধৰিছিল। মইনবড়ীৰ পৰা খহনীয়াত পতিত হৈ সৰভোগলৈ স্থানান্তৰিত কৰা সময়ত ২০০৫ চনৰ ২৮ অক্টোবৰৰ দিনা দহ সহস্ৰাধিক মুছলমান ৰাইজে হুকহুকাই কান্দি বিদায় দিয়াৰ কথা উল্লেখ কৰি অসমৰ ঐতিহাসিক সত্ৰখনৰ সত্ৰাধিকাৰ জনৰ মানবীয় প্ৰমূল্য বোধক আমছুৱে জনোৱা সন্মানে ৰাজ্যৰ ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। সভাখনত শিক্ষাবিদ মোজাম্মিল হুছেইনে বঁটা গ্ৰহন কৰি দিয়া ভাষনত কয় যে আমি লুইতপৰীয়া অসমীয়া, ৰাজ্যৰ সংখ্যালঘু সমাজ আজি হাড়ে হিমোজুৱে অসমীয়া। এইখন গুৰু শংকৰ মাধৱৰ অসম আৰু আমি সকলো অসমীয়াই সমাজ খনত ভাতৃত্ববোধ শক্তিশালী কৰিবলৈ কাম কৰিব লাগিব। সভাখনত জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে চেতনা শীৰ্ষক স্মৃতিগ্ৰন্থ খন উন্মোচন কৰি সমন্বয় বঁটা প্ৰাপক সত্ৰাধিকাৰ শ্ৰী গনেশ চন্দ্ৰ অধিকাৰীক ৰাজ্যৰ বৃহৎ সংখ্যালঘু সংগঠন আমছুৱে সমন্বয় বঁটা প্ৰদান কৰি অসমৰ জাতীয় জীৱনলৈ এক শক্তিশালী বাৰ্তা প্ৰদান কৰা বুলি উল্লেখ কৰি বৃহত্তৰ অসমীয়া জাতি গঠনত আমছুৱে সবল ভূমিকা লব লাগে বুলি মন্তব্য দাঙি ধৰে। সভাখনত যুৱনেতা কমল মেধীয়ে কয় যে ৰাজ্যত সম্প্ৰীতি বিনষ্ট কৰিবলৈ দিনে নিশাই একাংশ শক্তিয়ে চেষ্টা চলাইছে। ৰাজ্যত গুৰুজনাৰ সংস্কৃতিৰ সৈতে জড়িত একাংশ সত্ৰাধিকাৰ, বৈষ্ণৱধৰ্মীয় সংগঠনে নিজৰ আদৰ্শ জ্বলাজ্বলি দি ধৰ্মীয় মেৰুকৰণৰ সৈতে জড়িত হৈ অসমৰ সাতামপুৰুষীয়া সংস্কৃতি বিপন্ন কৰি মহাপুৰুষজনাক অপমান কৰা সূচক কামত নিয়োজিত হৈছে। তেনে সময়ত সৰভোগৰ মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুজনাক আমছুৱে সমন্বয় বঁটা প্ৰদান কৰি শংকৰ আজানৰ অসমত এক শক্তিশালী কাম কৰিছে বুলি প্ৰকাশ কৰে। দিনৰ ১১ বজাত আমছুৰ সভাপতি আজিজুৰ ৰহমানৰ সভাপতিত্বত অনুস্থিত হোৱা সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা অনুৰাধা শৰ্মা, বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া, আমছুৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিধায়ক আব্দুল হাই নাগৰিক, আমছুৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম আহমেদ, প্ৰাক্তন বিধায়ক শ্বেখ আব্দুল হামিদ, আমছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক চামছুল হক, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আজিজুৰ ৰহমানৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তিয়ে ভাষন প্ৰদান কৰে। সভাৰ আঁত ধৰে আমছুৰ সাধাৰণ সম্পাদক দ্বয় ৰেজাউল কৰিম চৰকাৰ আৰু আইনুদ্দিন আহমেদে। উক্ত সভাখনত জিলাখনৰ বিশিষ্ট সাহিত্যিক শিক্ষাবিদ, আমছুৰ ৩৩ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।