গুৱাহাটী

৩০ নৱেম্বৰ

মহানগৰীত পুনৰ নাহৰফুটুকী বাঘৰ আতংক। হেঙেৰাবাৰীত পুৱাই জনৰণ্যত প্ৰৱেশ কৰি এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে আতংকৰ সৃষ্টি কৰে। বন বিভাগৰ লোকে কেইবাঘণ্টা জুৰি অভিযান চলাই পিঞ্জৰাবদ্ধ কৰে প্ৰকাণ্ড নাহৰফুটুকী বাঘটোক।

মহানগৰীত সোমবাৰে পুৱাই পুনৰ এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে আতংকৰ সৃষ্টি কৰে। হেঙেৰাবাৰীৰ এটা ছাত্ৰী নিবাসত পুৱা প্ৰায় ৬ বজাত এগৰাকী লোকে প্ৰকাণ্ড নাহৰফুটুকী বাঘটোক প্ৰত্যক্ষ কৰে। বাঘটোক প্ৰত্যক্ষ কৰাৰ পিছতে অঞ্চলটোৰ স্থানীয় লোক আতংকিত হৈ পৰে। পৰৱৰ্তী সময়ত বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লগতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নাহৰফুটুকী বাঘটোক আটক কৰাৰ অভিযান আৰম্ভ কৰে। আৰক্ষী, বন বিভাগ আৰু পশু চিকিৎসকৰ দলে কেইবাঘণ্টা জুৰি অভিযান চলাই নাহৰফুটুকী বাঘটোক আটক কৰে। পশু চিকিৎসকৰ দলে নাহৰফুটুকী বাঘটোক কেইবাবাৰো ট্ৰেংকোলাইজ কৰাৰ চেষ্টা চলাই যদিও দুবাৰকৈ বাঘটোৰ পলায়ন কৰিবলৈ সক্ষম হয়। পশু চিকিৎসকৰ দলে তৃতীয়বাৰে সফলতাৰে নাহৰফুটুকী বাঘটোক ট্ৰেংকোলাইজ কৰিবলৈ সক্ষম হয়।

বন বিভাগৰ লোকে নাহৰফুটুকী বাঘটোক ট্ৰেংকোলাইজৰ অন্তত পিঞ্জৰাবদ্ধ কৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ নিয়ে। হেংৰাবাৰীৰ পাহাৰীয়া অঞ্চলৰ পৰা বাঘটো নিশাৰ ভাগত জনৰণ্যলৈ ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটোক চাবলৈ অঞ্চলটোৰ বহু লোক ওলাই অহাও পৰিলক্ষিত হয়।