হোজাই 

৭ জানুৱাৰী

হোজাইত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য৷ হোজাই দক্ষিণ কেন্দুগুৰি গাঁৱত উদ্ধাৰ হয় ধনীৰাম নামৰ এজন যুৱকৰ মৃতদেহটো৷ পত্নীৰ পৰকিয়া প্ৰেমৰ পৰিণতিত যুৱক জনক হত্যা কৰাৰ সন্দেহ।

বৃহস্পতিবাৰে হোজাই জিলাৰ কেন্দুগুৰি গাঁৱত ধনীৰাম নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। একাংশ স্থানীয় ৰাইজে পত্নীৰ পৰকিয়া প্ৰেমৰ ফলত যুৱকজন হত্যাৰ বলি হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে৷ যুৱকজনৰ পত্নীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় মহিলা উত্তেজিত হৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে হোজাইৰ নীলবাগান বজাৰৰ সমীপৰ ইকবাল হুছেইন নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ হয় তিনিটাকৈ চুৰিৰ গৰু। বুধবাৰে নিশা প্ৰায় ১২ বজাত চৌধুৰীবজাৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে চুৰি গৰুকেইটা৷

উল্লেখ্য যে দুদিন পূৰ্বে চৌধুৰীবজাৰৰ কামাল উদ্দিন নামৰ এজন লোকৰ ঘৰৰ পৰা চুৰি হৈছিল গৰু কেইটা৷ এই সন্দৰ্ভত কামাল উদ্দিনে চৌধুৰীবজাৰ আৰক্ষী পহৰা চকীত গোচৰ ৰুজু কৰাত আৰক্ষীয়ে নিশা অভিযান চলাই গৰু কেইটা উদ্ধাৰ কৰে।