অভয়াপুৰীৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰীঃ ফাগুনৰ উৎসৱ হোলীৰ প্ৰাকক্ষণত দেওবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰী দৌল মন্দিৰত অনুষ্ঠিত হয় অসমীয়া হোলী গীতৰ এক এদিনীয়া বিশেষ কৰ্মশালা। হোলী গীতৰ এই কৰ্মশালাত বঙাইগাঁও জিলাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া জয়ন্ত দাস আৰু বৰপেটাৰ ৰিংকুৰাজ কাশ্যপে প্ৰশিক্ষক হিচাপে উপস্থিত থাকি প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীক অসমীয়া হোলী গীতৰ প্ৰশিক্ষণ দিয়ে। অসমীয়া থলুৱা সংস্কৃতিক প্ৰাধান্য দি অভয়াপুৰী শ্ৰী শ্ৰী কৃষ্ণ দৌল উৎসৱ উদযাপন সমিতিয়ে যুৱ প্ৰজন্মৰ মাজত অসমীয়া হোলী গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গ্ৰহন কৰা এই প্ৰয়াসক অঞ্চলটোৰ ৰাইজে শলাগ লয়।