গুৱাহাটী, সংবাদ ৩৬৫, ১৩ ডিচেম্বৰ: ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতেই পুনৰ মূল্যবৃদ্ধিয়ে দেখা দিছে পেট্ৰল ডিজেলৰ। যোৱা এমাহ ধৰি পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস পাই থকাৰ পিছতে বৃহস্পতিবাৰে মহানগৰকে ধৰি দেশৰ প্ৰতিখন চহৰত পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হয়। বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ দাম ২৭ পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ১৫ পইচাকৈ বৃদ্ধি পাইছে। বিধানসভা নিৰ্বাচনৰ পিছতে পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ মাজত এক তাৎপৰ্য বহন কৰিছে।