পাঠশালা, সংবাদ ৩৬৫, ১৩ ডিচেম্বৰ: বৃহস্পতিবাৰে পাঠশালাৰ ৰাজপথ সম্পূৰ্ণৰূপে হৈ পৰিছে গেৰুৱা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা ১২ ডিচেম্বৰৰ পৰা বৃহস্পতিবাৰলৈকে ঘোষণা হৈ থকাৰ সময়তে বিজেপিৰ বৃহৎ সাফল্যৰ পাছত বজালী সমষ্টিৰ বিজেপিৰ সভাপতি ফণি পাঠকৰ নেতৃত্বত পাঠশালাৰ ৰাজপথত এক বৃহৎ সমদল উলিওৱা হয়। সমদলৰ সময়ত পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকা আৰু বিজেপিৰ সভাপতি ফণি পাঠকৰ মাজত বাকযুদ্ধত লিপ্ত হয়। নিৰ্বাচনৰ পূৰ্বে অগপৰ বিধায়ক পবিন্দ্ৰ ডেকাই বিজেপিৰ বিৰুদ্ধে কটু কথা কৈ সমালোচনা কৰি বিস্ফোৰক মন্ত্যব্য কৰিছিল। কিন্তু অাজি বাস্তৱত নৰল পবিন্দ্ৰ ডেকাৰ বিস্ফোৰণ। ইয়াৰ পিছতে ফণি পাঠকে পবিন্দ্ৰ ডেকাৰ অহংকাৰৰ বাবে অাজি তেওঁৰ এনে দশা হয় বুলি মন্তব্য কৰে। পাটাছাৰকুছিত তিনিখন জিলা পৰিষদতে বিজেপি প্ৰাৰ্থীৰ জয়লাভ হয় আৰু লগতে পাটাছাৰকুছি সমষ্টিত ১৫খন গাও পঞ্চায়তৰ ১১ খনতে বিজেপিৰ সভাপতি কাউঞ্চিলাৰ বিজয়ী হয়। মুঠৰ ওপৰত ক’ব পাৰি যে পাটাছাৰকুছিত দৰ্প চূৰ্ণ হল অগপৰ l