ৰঙিয়া, সংবাদ ৩৬৫, ১৫ ফেব্ৰুৱাৰীঃ  ৰঙিয়াৰ মৰাণজানাৰ কামৰূপ ফুৱেলচ নামৰ উদ্যোগত বৃহস্পতিবাৰে সংঘটিত হয় এক অঘটন। উদ্যোগখনত যান্ত্ৰিক বিজুতিৰ ফলত সংঘটিত হোৱা বিস্ফোৰণত দুজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়। বিস্ফোৰণত অগ্নিদগ্ধ হৈ আহত হোৱা কৰ্মচাৰী দুজনক ততালিকে হাস্পাতালত ভৰ্তি কৰোৱা হয়। আহত কৰ্মচাৰী দুজন মৰাণজানাৰ বাবুল আলী আৰু মোবাৰক আলী বুলি জানিব পৰা গৈছে। ঘটনাকলৈ উদ্যোগটোত উত্তেজনাময় পৰিবেশৰ সৃষ্টি কৰ্মচাৰী সকলে। পুৰণি টায়াৰৰ পৰা ইন্ধন প্ৰস্তুত কৰা উদ্যোগটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজৰ লগতে কৰ্মচাৰী সকলে। উল্লেখ্য যে, উদ্যোগটোত সংঘটিত হোৱা বিস্ফোৰণৰ সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হয়। উদ্যোগটোৰ কৰ্তৃপক্ষই কৰ্মচাৰীসকলক কোনোধৰণৰ উপযুক্ত সুৰক্ষাৰ ব্যৱস্থা নকৰাকৈয়ে অতি বিপজ্জনকভাৱে কাম কৰিবলৈ দিয়াৰো অভিযোগ উত্থাপিত হৈছে। ইয়াৰ উপৰিও উদ্যোগটোৰ বাবে সমগ্ৰ অঞ্চটোত ভয়াবহ প্ৰদূষণৰ সৃষ্টি ‌হোৱাত অঞ্চলবাসীয়ে জীয়াতু ভুগিব লগা হৈছে। ৰাইজে উদ্যোগটোৰ এনে কাণ্ডৰ বিৰুদ্ধে ক্ষোভ উজাৰি শীঘ্ৰে উদ্যোগটোৰ অনিয়মৰ বিৰুদ্ধে উচিত ব্যৱস্থা লবলৈ দাবী জনায়।