ৰঙিয়া, সংবাদ ৩৬৫, ২১ এপ্ৰিলঃ ৰঙিয়াৰ মধুকুছিৰ পৰা নিৰ্মালী বড়ো নামৰ এগৰাকী মহিলা সন্ধানহীন হৈ আছে। জানিব পৰা মতে দহদিন পূৰ্বে মহিলা গৰাকী মাতৃৰ গৃহলৈ বুলি ওলাই যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ পৰে। মহিলা গৰাকীৰ পৰিয়ালৰ লোকে মহিলা গৰাকীৰ সন্ধানত বিভিন্ন স্থানত খবৰ লোৱাৰ পিছতো বৰ্তমানলৈকে মহিলা গৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। মহিলা গৰাকীৰ স্বামী বিশ্বজিত বড়োৱে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে মহিলা গৰাকীৰ সন্ধান লাভ কৰিবলৈ কোনো ধৰণৰ সফলতা লাভ কৰা নাই। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা মহিলা গৰাকীৰ স্বামী বিশ্বজিত বড়োৱে জানিবলৈ দিয়া মতে পাৰিবাৰিক জীৱনত তেওঁলোকৰ মাজত কোনো অশান্তি নাছি। পত্নী সন্ধানহীন হৈ পৰাৰ পিছৰ পৰাই তিনি বছৰীয়া পুত্ৰ সন্তানটোক লৈয়ো সমস্যাত পৰিছে মহিলা গৰাকীৰ স্বামী বিশ্বজিত বড়ো। কোনো দুষ্টচক্ৰ বা নাৰী সৰবৰাহকাৰীয়ে মহিলা গৰাকীক অপহৰণ কৰা বুলি  স্বামী বিশ্বজিত বড়োৱে সন্দেহ প্ৰকাশ কৰিছে।