মিৰ্জা, সংবাদ ৩৬৫, ২৫ নৱেম্বৰ: দক্ষিণ কামৰূপৰ অতি পুৰনি ৰাস হিচাপে চিহ্নিত ৰামপুৰ ৰাস মহোৎসৱত উদ্ধাৰ হয় এটা জীৱন্ত অজগৰ । ২২ নবেম্বৰৰ পৰা ১১ দিনীয়াকৈ চলি থকা ৰামপুৰৰ ৰাস মহোৎসৱৰ বাকৰিত মৃন্ময় মুৰ্তিৰ কাষত দেওবাৰে পুৱাই দেখা গ’ল এডাল প্ৰকাণ্ড অজগৰ । উদ্যোক্তাসকলে অজগৰডাল প্ৰত্যক্ষ কৰাৰ লগে লগে সৃষ্টি হয় এক তীব্ৰ চাঞ্চল্যৰ । ভগৱান শ্ৰী কৃষ্ণৰ লীলা-মালাৰে ভৰপুৰ এই ৰাস মহোৎসৱত অজগৰ উদ্ধাৰ হোৱা ঘটনাই এক আধ্যাত্মিক তথা অলৌকীক পৰিৱেশে বিৰাজ কৰে । ভগৱান শ্ৰী কৃষ্ণৰ এই লীলাৰ ফলত এইদৰে অজগৰ উদ্ধাৰ হোৱা বুলি ধাৰনা কৰি লোকসকলে পিছত অজগৰডাল বন বিভাগক গতাই দিয়ে ।