তামুলপুৰ, সংবাদ ৩৬৫, ২৫ নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বাক্সা জিলাৰ তামুলপুৰত বিগত ভালে সংখ্যক দিনে বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই নিৰীহ লোকৰ প্ৰাণ পর্যন্তও লৈছে লগতে ঘৰ-দুৱাৰ, খেতি-বাতি অনিষ্ট সাধন কৰি তাণ্ডৱ চলাই আছে। তাৰ মাজতো বৰ্তমানেও তামুলপুৰৰ বিভিন্ন ঠাইত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ শনিবাৰে নিশা তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ চেঁচাপানী, দৰঙাপাৰ, আঙাৰকাটাত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি চূড়মাৰ কৰাৰ লগতে বাৰীৰ তামোল, মালভোগ কলৰ বাগান, পথাৰৰ পকা ধান খায় তহিলং কৰে৷ বন্যহস্তীৰ তাণ্ডৱত সম্পুৰ্ন গৃহহীন হয় পৰে কেইবাটাও পৰিয়াল৷ আনকি কাপোৰ কানি, চাউল দাইলো নষ্ট কৰে হাতীৰ জাকটোৱে। ফলস্বৰূপে অনাহাৰে অনিদ্ৰাই থাকিব লগা হৈছে ক্ষতিগ্ৰস্ত লোক সকল ৷ হাতীৰ আক্ৰমনৰ পৰা কথমপি প্ৰান ৰক্ষা পৰে কেইবাজনো শিশু-মহিলা সহ অসুস্থ লোকৰ ৷ উল্লেখ্য যে বিগত বহু দিন ধৰি বন্য হস্তীৰ জাক এটাই সীমান্তবৰ্তী অঞ্চলটোত অব্যাহত ৰাখিছে তাণ্ডৱ ৷ হাতীৰ আক্ৰমনত আতংকিত হৈ বিনিদ্ৰ ৰজনী কটোৱা বৃহত্তৰ অঞ্চলবাসী ৰাইজে চৰকাৰ তথা বন বিভাগৰ লোকক হাতীটোৰ লগতে হাতীৰ জাকটো খেদি পঠিৱাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনাইছে ৷ জানিব পৰামতে হাতীৰ বৃহৎ জাকটোৱে শনিবাৰে নিশা গাঁৱত উপদ্ৰৱ চলায় ৰাতিপুৱা ৰঙিয়া-ভূটান ঘাইপথ পাৰ হৈ ভূটান সীমান্তৰ বগাজুলী সংৰক্ষিত বনাঞ্চলত অৱস্থান কৰি আছে ৷