বঙাইগাঁও, সংবাদ ৩৬৫, ২৭ ডিচেম্বৰ: বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলাবাৰী দ্বিতীয় খণ্ড গাঁৱত বৃহস্পতিবাৰে দুপৰীয়া এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। ছাহাজুল ইছলাম নামৰ এজন ব্যক্তিৰ এটা গোহালি ঘৰ আৰু এটি খেৰৰ পজা সম্পূৰ্ণৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত। বৰ্তমানলৈ এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয়। ইফালে কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছতো অগ্নিনিৰ্বাপক বাহিনী সময়মতে উপস্থিত হ’ব পৰা নাই বুলি জানিবলৈ দিয়ে। এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ ক্ষতি হৈছে যদিও ৰাইজে সময়মতে জুই নিৰ্বাপন কৰাৰ বাবে আন কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী অগ্নিকাণ্ডৰ কবলৰ পৰা ৰক্ষা পৰে।