কুন্দন ভৰালী

নগাঁও

১৬ ছেপ্টেম্বৰ

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱত উত্তপ্ত পৰিস্থিতি। নগাঁৱৰ ব্যক্তিগত ক্লিনিকত চিকিৎসাধীন হৈ আছিল ৰোগী গৰাকী। কভিড পৰীক্ষা নকৰাকৈ চিকিৎসকে চিকিৎসা প্ৰদান কৰাৰ অভিযোগ।

এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ এটা ব্যক্তিগত ক্লিনিকত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। নগাঁও চহৰৰ ফৌজদাৰীপট্টিত থকা এফ বি ক্লিনিকত চিকিৎসা গ্ৰহণ কৰিছিল নগাঁৱৰে মুকুল আহমেদ নামৰ এজন লোকে। চাৰি পাঁচদিন পূৰ্বে চিকিৎসক মুস্তফা হুছেইনৰ চিকিৎসা গ্ৰহণ কৰিছিল মুকুল আহমেদ নামৰ লোকজনে। চিকিৎসকগৰাকীয়ে মুকুল আহমেদৰ বৃক্ক আৰু লিভাৰৰ পৰীক্ষা কৰি প্ৰয়োজনীয় ঔষধ সেৱনৰ পৰামৰ্শ দিয়ে যদিও বিগত দুদিন ধৰি উশাস লোৱাত অসুবিধাৰ সন্মূখীন হোৱা মুকুল আহমেদ বুধবাৰে হঠাৎ অধিক অসুস্থ হৈ পৰে। বুধবাৰে পুৱা ৰোগীজনক পুনৰ চিকিৎসক মুস্তফা আহমেদৰ কাষ চাপে আৰু চিকিৎসকৰ ক্লিনিকতে মৃত্যু হয় মুকুল আহমেদৰ। ৰোগীজনৰ কোভিড পৰীক্ষা নকৰাৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে নিহত মুকুল আহমেদৰ পৰিয়ালৰ লোকে।

বুধবাৰে পুৱাই এফ বি ক্লিনিকত লৈ অনা মুকুল আহমেদৰ অৱস্থা সংকটজনক দেখি উন্নত চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ দিছিল চিকিৎসক মুস্তফা হুছেইনে। অক্সিজেনৰ ব্যৱস্থা থকা চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই মৃত্যু হয় ৰোগীজনৰ।