গুৱাহাটী
১৬ ছেপ্টেম্বৰ

সেৱা সপ্তাহৰ লগত সংগতি ৰাখি ৰাজ্যিক বিজেপিৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ন। বৃহস্পতিবাৰে ৰাজ্যজুৰি ২৮,০০০ হাজাৰ বুথ সমিতিৰ গছপুলি ৰোপণ, ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ ৭০ গৰাকী জাতি জনগোষ্ঠীয় শিল্পীক সম্বৰ্ধনা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে অনুষ্ঠিত হৈ থকা সেৱা সপ্তাহৰ লগত সংগতি ৰাখি দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাজ্যিক বিজেপিৰ উদ্যোগত বিভিন্ন সেৱা মূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সেৱা সপ্তাহ উপলক্ষে বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে ২৮,০০০ বুথ সমিতিৰ সহযোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ দিছপুৰ সমষ্টিৰ অন্তৰ্গত বশিষ্ঠ মন্দিৰ প্ৰাংগণত ২২২ নং বুথত পুৱা ৯.৩০ মিনিটত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰিব। সেৱা সপ্তাহৰ লগত সংহতি ৰাখি দিনৰ ভাগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৭০ গৰাকী জাতি জনগোষ্ঠীয় শিল্পীক সম্বৰ্ধনা জনোৱা হ’ব। সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস , ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কনক সেন ডেকাও উপস্থিত থাকিব। আনহাতে শুকুৰবাৰে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত “সেৱা হি সংগঠন” শীৰ্ষক ই – বুক এখন আনুষ্ঠানিকভাৱে মুকলি কৰিব চট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙে। অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। তদুপৰি উক্ত দিনাই নলবাৰী জিলা বিজেপিৰ সহযোগত আৰু ৰাজ্যিক অসংগঠিত শ্ৰমিক কোষৰ উদ্যোগত ৭০ জন শ্ৰমিকক সম্বৰ্ধনা জনোৱা হ’ব। এই অনুষ্ঠানত চন্দ্ৰ মোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা, ফণীন্দ্ৰ নাথ শৰ্মাও উপস্থিত থাকিব। সেৱা সপ্তাহ উপলক্ষে বুধবাৰে যোৰহাটত প্লাজমা দান কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কমিটিৰ উদ্যোগত “ৰক্ত দান” কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুৰূপ ধৰণে বৃহস্পতিবাৰে তেজপুৰত, শুকুৰবাৰে শিলচৰত আৰু শনিবাৰে গুৱাহাটিত প্লাজমা দান কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

উল্লেখযোগ্য যে সেৱা সপ্তাহ উপলক্ষে ইতিমধ্যে যোৱা ১৫ ছেপ্টেম্বৰত ৰাজ্যৰ সকলো জিলাৰ ২৭৩৯ খন গাঁৱত স্বচ্ছতা অভিযান আৰু প্লাষ্টিক সজাগতা অভিযানৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। সেইদিনাই ডিব্ৰুগড়ত জিলা বিজেপিৰ উদ্যোগত প্লাজমা দান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।