শিলচৰ : মোবাইলৰ গেমেই (Mobile Game) কাল হ’ল এজন নাবালকৰ। মোবাইলত গেম খেলি থকাৰ বাবেই কাছাৰত মৰিয়াই হত্যা এজন ১৩ বছৰীয়া নাবালকক। মোবাইলত গেম খেলা বন্ধ নকৰাৰ বাবে প্ৰতিৱেশীয়ে মৰিয়াই হত্যা কৰে নাবালকজনক। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।

কাছাৰ জিলাৰ বৰখোলা জাৰেইতোলা অঞ্চলত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। সাধাৰণ মোবাইলৰ গেমৰ বাবেই মৰিয়াই হত্যা কৰা হৈছে এজন ১৩ বছৰীয়া নাবলকক। সোমবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। নিহত ১৩ বছৰীয়া নাবলকজনৰ নাম পান্না নাথ বুলি জানিব পৰা গৈছে। পান্না নাথে চুবুৰীয়া দীপকৰ ঘৰত মোবাইলত গেম খেলি আছিল। দিপকে মোবাইলত গেম খেলা বন্ধ কৰিবলৈ পান্না নাথক বাধা প্ৰদান কৰাত দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয়।

পৰৱৰ্তী সময়ত দীপক আৰু পান্না নাথৰ কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে। দীপকৰ আক্ৰমণত পান্না নাথ মৃত্যুৰ মুখত পৰে। জানিব পৰা মতে দীপকৰ আক্ৰমণত পান্না নাথ গুৰুত্বৰভাৱে আহত হয়। পান্না নাথৰ মাতৃ ঘটনাস্থলীত উপস্থিত হৈ সংকটজনক অৱস্থাত পুত্ৰ পান্না নাথক উদ্ধাৰ কৰি বৰখোলা চিকিৎসালয়লৈ নিয়ে যদিও বৰখোলা চিকিৎসালয়ৰ চিকিৎসকে স্বাস্থ্য পৰীক্ষাৰ পিছত পান্না নাথক শিলচলস্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকে‌ পান্না নাথক মৃত বুলি ঘোষণা কৰে। মৃত নাবালক পান্না নাথৰ পৰিয়ালে অভিযোগ উত্থাপন কৰে দীপকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল পান্না নাথক। পান্না নাথৰ মাতৃয়ে দীপকৰ বিৰুদ্ধে তেওঁৰ সন্তানক হত্যা কৰাৰ অভিযোগত বৰখালা আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে ঘটনাটোৱে অঞ্চলটোত তিব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।