গুৱাহাটী : পুনৰ তিনিজনকৈ চৰকাৰী কৰ্মচাৰীয়ে হাত দাঙিলে। দুজন লাট মণ্ডল আৰু এজন মুখ্য অভিযন্ত্ৰাই হাত দাঙিলে। বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল, বাঘবৰ ৰাজহ চক্ৰৰ লাট মণ্ডল আৰু গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্ত্ৰাই উৎকোচলৈ ধৰা পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত (Anti Corruption)।

ইজনৰ পিছত সিজন চৰকাৰী কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে যদিও সলনি হোৱা নাই একাংশ চৰকাৰী কৰ্মচাৰীৰ চৰিত্ৰ। দুৰ্নীতি কৰি ধনৰ পাহাৰ গঢ়াৰ লক্ষ্যৰে চৰকাৰী চাকৰিত যোগদান কৰা দুনীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীয়ে কেৰেপ নকৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানক। দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰ যিমানেই কঠোৰ হৈছে সিমানেই যেন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ সাহস বৃদ্ধি পাইছে।

ইয়াৰে পুনৰ এবাৰ প্ৰমাণ পোৱা গ’ল বুধবাৰে। দিনটোত তিনিজনকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল। এই তিনিজনক দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ মাজত আছে দুজন লাট মণ্ডল আৰু এজন মুখ্য অভিযন্ত্ৰা। এজন লাট মণ্ডল হ’ল বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ বাঘমৰা মৌজাৰ ছয় নম্বৰ লাটৰ দায়িত্বত থকা মণ্ডল লগন বচোৱাৰ। ৩ হাজাৰ টকাৰ উৎকোচ লৈ থকা অৱস্থাত ধৰা পৰিল লগন বচোৱাৰ।

লাট মণ্ডল লগন বচোৱাৰৰ লগতে দুৰ্নীতি নিবাৰক শাখাই এজন দালালকো আটক কৰিছে বুলি জানিব পৰা গৈছে। আটকাধীন দালালজনৰ নাম ৰাজেশ তাঁতী। উৎকোচলৈ জালত পৰা আনজন লাট মণ্ডল হৈছে বাঘবৰ ৰাজহ চক্ৰৰ লাট মণ্ডল। ২০ হাজাৰ টকা উৎকোচলৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতেলোটে ধৰিবলৈ সক্ষম হয় বাঘবৰ ৰাজহ চক্ৰৰ লাটমণ্ডল মহম্মদ আজহাৰ আলীক।

এই দুই লাট মণ্ডলৰ লগতে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে এজন মুখ্য অভিযন্ত্ৰাও। গুৱাহাটী পৌৰ নিগমৰ এজন মুখ্য অভিযন্ত্ৰা উৎকোচ লৈ থকা অৱস্থাত হাতেলোটে ধৰা পৰে। গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা ইন্দ্ৰজিৎ বৰাক উৎকোচলৈ থকা অৱস্থাত হাতেলোটে জালত পেলায় দুৰ্নীতি নিবাৰক শাখাই।