ধুবুৰী : অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ ব্ৰহ্মপুত্ৰ নদীত সলিল সমাধি। দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ সলিল সমাধি ঘটে। এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই ব্ৰহ্মপুত্ৰ নদীৰ পৰা ছাত্ৰী গৰাকীৰ মৃতদেহ উধাৰ কৰে।

ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত সোনাপাৰাত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ সলিল সমাধি ঘটাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। ফকিৰগঞ্জৰ সোনাপৰা গাঁৱৰ জাহাঙ্গীৰ আলমৰ কন্যা ফাতেমা খাতুনৰ ব্ৰহ্মপুত্ৰ নদীত সলিল সমাধি ঘটে।

দেওবাৰে দিনৰ ভাগত হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছত্ৰী গৰাকী আন সহযোগীৰ সৈতে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ যায়। নদীত গা ধুই থকা অৱস্থাত হঠাৎ ছাত্ৰী গৰাকী ব্ৰহ্মপুত্ৰ নদীত নোখোজ হৈ পৰে। ঘটনাৰ খবৰ পাই আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে ছাত্ৰী গৰাকীৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

ঘটনাৰ পিছৰে পৰা ফকিৰগঞ্জ আৰক্ষী আৰু এছডিআৰএফ বাহিনী উদ্ধাৰ অভিযান চলায় যদিও ছাত্ৰী গৰাকীক নিশা পৰ্যন্ত উদ্ধাৰ কৰিব সক্ষম নহয়।সোমবাৰে পুৱাৰে পৰা পুনৰ আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।