মিজোৰাম : মিজোৰাম আৰক্ষীয়ে ৰাজ্যিক আবকাৰী আৰু মাদক দ্ৰব্য বিভাগৰ লগত যুটীয়া অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে। তিনিখনকৈ বাহনৰ পৰা ১৪০ টা দুষ্প্ৰাপ্য বন্যপ্ৰাণী (Wild Animals) উদ্ধাৰ কৰিছে দলটোৱে। তিনিজনকৈ দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহকাৰী জালত পৰিছে।

উত্তৰ পূবৰ মাজেৰে ড্ৰাগছৰ লাগতে বিভিন্ন প্ৰকাৰৰ অবৈধ সামগ্ৰীৰ সৰবৰাহ অব্যাহত আছে। অসম আৰক্ষীয়ে অসমৰ মাজেৰে ড্ৰাগছৰ সৰবৰাহ ৰোধ কৰাৰ বাবে ইতিমধ্যে কঠোৰ হোৱা পৰিলক্ষিত হৈছে। উত্তৰ পূবৰ অন্যান্য ৰাজ্য সমূহৰ পৰা ড্ৰাগছ আনি অসমৰ মাজেৰে সৰবৰাহৰ চেষ্টা চলোৱা বহু সৰবৰাহকাৰী ইতিমধ্যে অসম আৰক্ষীৰ জালত পৰিছে।

বিভিন্ন সময়ত অসমত ৰে’ল আৰক্ষীও অভিযান চলাই ৰে’লযোগে অবৈধভাৱে সৰবৰাহ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী জব্দ কৰা পৰিলক্ষিত হয়। ইয়াৰ মাজতে এতিয়া উত্তৰ পূব হৈ পৰিছে দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহকাৰী সকলৰ বাবে প্ৰধান লক্ষ্য। উত্তৰ পূবৰ মাজেৰে বন্যপ্ৰাণী সৰবৰাহকাৰী সকলে বিভিন্ন প্ৰকাৰৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহ কৰাৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে।

ইয়াৰ এক উদাহৰণ হ’ল চুবুৰীয়া ৰাজ্য মিজোৰামত উদ্ধাৰ হোৱা ১৪০ টা দুষ্প্ৰাপ্য বন্যপ্ৰাণী। মিজোৰামৰ চম্পাই জিলাত শনিবাৰে তিনিখন বাহনৰ পৰা ১৪০ টা দুষ্প্ৰাপ্য বন্যপ্ৰাণী উদ্ধাৰ কৰা হয়। মিজোৰাম আৰক্ষীয়ে ৰাজ্যিক আবকাৰী আৰু মাদক দ্ৰব্য বিভাগৰ লগত এক যুটীয়া অভিযান চলাই তিনিখন বাহন পৰা দুষ্প্ৰাপ্য বন্যপ্ৰাণী কেইটা উদ্ধাৰ কৰে। ১৪০ টা দুষ্প্ৰাপ্য বন্যপ্ৰাণী সমূহৰ ভিতৰত আছে ৩০ টা কাছ, বিভিন্ন প্ৰজাতিৰ ৪ বান্দৰ, ২২ টা অজগ সাপ আৰু বহু চৰাই।

অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে যে এই দুষ্প্ৰাপ্য বন্যপ্ৰাণী সমূহ ম্যানমাৰৰ পৰা আনি মিজোৰামৰ মাজেৰে দেশৰ অন্য প্ৰান্তত নিয়াৰ পৰিকল্পনা আছিল। বন্যপ্ৰাণী সৰবৰাহৰ লগত জড়িত তিনিজনকৈ বন্যপ্ৰাণী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে বন্যপ্ৰাণী সৰবৰাহকাৰীৰ পৰা অসমৰ ৰঙিয়াত বিভিন্ন প্ৰকাৰৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী উদ্ধাৰ কৰিছিল ৰঙিয়া আৰক্ষীয়ে।