গুৱাহাটী, সংবাদ ৩৬৫, ১০ মে’ : কভিড-১৯ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে ব্যতিক্ৰমী যুদ্ধ কেইগৰাকীমান মহিলাৰ। মাতৃ দিৱসৰ দিনাই এইসকল মাতৃয়ে মানৱ জাতিক ৰক্ষাৰ সংকল্প লৈ ওলাই আহিল ঘৰৰ পৰা। মহানগৰীৰ দোকান সমূহৰ পৰা মহিলাসকলে আৰম্ভ কৰিছে কভিড-১৯ কৰ’ণা বিৰোধী যুদ্ধ।

বিশ্বব্যাপী কভিড-১৯ কৰ’ণা ভাইৰাছ সমগ্ৰহ মানৱ জাতিলৈ কঢ়িয়াই আনিছে মহাসংকট। মাৰাত্মক এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ মানৱ জাতিৰ হাতত নাই কোনো অস্ত্ৰ। সমগ্ৰহ বিশ্বৰ চিকিৎসা বিজ্ঞান দিনে নিশাই এতিয়া ব্যস্ত কভিড-১৯ কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক বিচৰাত। এই অদৃশ্য শত্ৰুৰ পৰা ৰক্ষা পাবলৈ লক ডাউনৰ নিচিনা কঠোৰ পদক্ষেপও গ্ৰহণ কৰিছে বিশ্ববাসীয়ে। কভিড-১৯ কৰ’ণা ভাইৰাছৰ বৰ্তমান সময়লৈকে কোনো চিকিৎসা নথকাৰ ফলত এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ সকলো সজাগ আৰু সচেতন হোৱাটো অত্যন্ত প্ৰয়োজন।

প্ৰতিষেধক উদ্ভৱ নোহোৱালৈকে সজাগতা আৰু সচেতনতাৰেই মানৱ জাতিয়ে কভিড-১৯ কৰ’ণা ভাইৰাছক পৰাজিত কৰি গৈ থাকিব লাগিব। ইয়াৰ মাজতে দেওবাৰে মাতৃ দিৱসৰ দিনাই মহানগৰী গুৱাহাটীৰ কেইগৰাকীমান সচেতন মহিলাই কভিড-১৯ কৰ’ণা ভছিৰাছৰ বিৰুদ্ধে চলা যুদ্ধখনৰ বাবে ৰাইজক সজাগ কৰিবলৈ ওলাই আহিছে। এই সচেতন মহিলা সকলে মহানগৰীৰ বিভিন্ন অঞ্চললৈ গৈ চাহৰ দোকানী, ফল-মূলৰ দোকানী, পাণৰ দোকানী সকলৰ মাজত মাস্ক, চাবোন, ডেটল, ফিনাইল আদি বিতৰণ কৰি দোকানী সকলক কিদৰে নিজৰ লগতে নিজৰ অঞ্চলটোক কভিড-১৯ কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা কৰিবলৈ ছেনিটাইজা কৰিব লাগে ইয়াৰ প্ৰশিক্ষণো প্ৰদান কৰিছে।

এই সচেতন মহিলাৰ দলটোক নেতৃত্ব দিয়া চৰিফা ৰহমান নামৰ সমাজকৰ্মী গৰাকীয়ে কয় “আমি ইজনে সিজনৰ পৰা সামাজিক দূৰত্ব বজাই ৰাখিছে, ঘৰৰ বাহিৰলৈ ওলাই আহিলে মাস্ক পৰিধান কৰা, সঘনাই হাত ধুবলৈ হেণ্ড ছেনিটাইজাৰ আৰু হেণ্ড ৱাছ ব্যৱহাৰ কৰাটো প্ৰয়োজন যদিও তৃতীয় লক ডাউন চলি থকা এই সময়ত বহু দোকান খোলা হৈছে আৰু এই দোকানী সকল কভিড-১৯ কৰ’ণা ভাইৰাছ বিৰোধী যুদ্ধখনৰ বাবে সম্পূৰ্ণ ৰূপে সজাগ নহয়। এই দোকানী সকলৰ প্ৰায় সংখ্যক দোকানীয়ে কেনেকৈ হাত ধুব লাগে, কেনেকৈ নিজৰ দোকানখন ছেনিটাইজা কৰিব লাগে এই সম্পৰ্কে জ্ঞাত নহয়”।

“মহানগৰীৰ এই সকল দোকানী সকলক সজাগ কৰাৰ উদ্দেশ্যে মাতৃ দিৱসৰ দিনাই আমি মহিলা সকল এইদৰে ওলাই আহিছো কভিড-১৯ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে চৰকাৰ, প্ৰশাসন, চিকিৎসক, চিকিৎসা কৰ্মী, আৰক্ষী, চাফাই কৰ্মী আৰু সাংবাদিক সকলৰ দৰে কৰ’ণা যোদ্ধা হৈ” বুলিও মত প্ৰকাশ কৰে চৰিফা ৰাহমানে।