ছয়গাঁও : যোৰাবাট আৰক্ষী চকীৰ আৰক্ষী বিষয়া কপিল পাঠকৰ বৃহৎ সাফল্য। এক ড্ৰাগছ বিৰোধী অভিযান চলাই যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে লাভ কৰে এই বৃহৎ সাফল্য। প্ৰায় দুই কোটি টকা মূল্যৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ মাফিয়াক জালত পেলায় আৰক্ষী বিষয়া গৰাকীয়ে। ছায়গাঁৱত আহি যোৰাবাটৰ আৰক্ষী বিষয়া কপিল পাঠকে লাভ কৰিলে এই সাফল্য।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্য আগত ৰাখি অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি এটাৰ পিছত আনটো বৃহৎ সাফল্য লাভ কৰি আছে। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই কোটি কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত মাফিয়া সকলক আটক কৰি আছে।

অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰি থকা ধাৰাবাহিক সাফল্যত সংযোগ হ’ল আন এক বৃহৎ সাফল্য। অসম আৰক্ষীৰ এই বৃহৎ সাফল্যৰ আঁৰত আছে যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠক। এক গোপন খবৰৰ ভিত্তিত যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজনকৈ কুখ্যাত ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত আৰক্ষী বিষয়া কপিল পাঠকে কামৰূপ আৰক্ষীৰ সহযোগত এক গোপন খবৰৰ ভিত্তিত ছায়গাঁৱৰ গোবৰ্ধনত এক ড্ৰাগছ বিৰোধী অভিযান চলায়। অভিযানকালত আৰক্ষীয়ে ২ কৌটি টকা মূল্যৰ হেৰ’ইনসহ তিনিজন কুখ্যাত ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে। ধৃত কুখ্যাত ড্ৰাগছ মাফিয়া তিনিজন হৈছে গোৱালপাৰাৰ মোজাম্মিল হক, হাফিজুৰ ৰহমান আৰু ছয়গাঁৱৰ জাকিৰ হুছেইন।যোৰাবাটৰ পৰা আহি ছয়গাঁৱত খাপ পিটি আৰক্ষী বিষয়া কপিল পাঠকে এই সাফল্য লাভ কৰে।