গুৱাহাটী : গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণৰ বাবে ইতিমধ্যে চূড়ান্ত পৰ্যায়ত সাজু হৈ উঠিছে কামৰূপ মহানগৰ নিৰ্বাচন জিলা কৰ্তৃপক্ষ। শনিবাৰে মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত ভোট গ্ৰহণত ব্যৱহৃত হ’বলগীয়া ইভিএম সমূহৰ কমিছ’নিং কৰা হয়। সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু প্ৰতিনিধিৰ উপৰি আন আন সহকাৰী ৰিটাৰ্ণিৰ বিষয়াসকলৰ উপস্থিতিত জিলা নিৰ্বাচন বিষয়া তথা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই আৰম্ভ কৰে কমিছনিং কাৰ্যসূচী।

সমান্তৰালকৈ নিৰ্বাচন প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে বিশেষ নিৰ্বাচন পৰ্যবেক্ষক, ব্যয় পৰ্যবেক্ষক তথা আন আন পৰ্যবেক্ষকসকলে মণিৰাম দেৱান ট্ৰেড চেন্টাৰত উপস্থিত হৈ ষ্ট্ৰং ৰুম সমূহ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ লগতে নিৰ্বাচন প্ৰস্তুতি সম্পৰ্কীয় সকলো দিশৰ বুজ লয়। উল্লেখনীয় যে ইভিএমৰ কমিছনিং এনে এক বিজ্ঞানসন্মত পদ্ধতি য’ত প্ৰথমতে ইভিএম সমূহ ভালদৰে চাই-চিতি পেয়াৰিং কৰা হয় আৰু তাত থকা সকলো পুৰণি তথ্য ফৰমেট কৰি নাইকীয়া কৰি দিয়া হয়। তাৰ পিছত বেলট সংস্থাপন কৰি উপস্থিত থকা প্ৰতিনিধিসকলক পৰীক্ষামূলকভাৱে ভোট দি মেচিনটো ঠিকেই থকাটো নিশ্চিত কৰিবলৈ দিয়া হয়। সকলো ঠিকেই থকাটো নিশ্চিত কৰাৰ পিছত পুনৰ ফৰমেট কৰি ভোটগ্ৰহণৰ বাবে সাজু কৰি তোলা হয় ইভিএম সমূহ। ইয়াৰ পিছতে লগে লগে ইভিএম সমূহ ছীল কৰি ষ্ট্ৰং ৰুমত থৈ দিয়া হয়। এইবাৰৰ পৌৰ নিমগৰ নিৰ্বাচনত ৬ টা ষ্ট্ৰংৰুমৰ ব্যৱস্থা কৰা হৈছে।

প্ৰথম ষ্ট্ৰং ৰুমত ১ নং ৱাৰ্ডৰ পৰা ১০ নং ৱাৰ্ডলৈ মুঠ ৮৯ টা ভোটগ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ কৰিবলগীয়া ইভিএম সমূহ ৰখা হৈছে। তেনেদৰে দ্বিতীয় ষ্ট্ৰং ৰুমত ১১ নং ৱাৰ্ডৰ পৰা ২০ নং ৱাৰ্ডলৈ ১৩১ টা ভোটগ্ৰহণ কেন্দ্ৰ, তৃতীয় ষ্ট্ৰং ৰুমত ২১ নং ৱাৰ্ডৰ পৰা ৩০ নং ৱাৰ্ডলৈ মুঠ ১১৩ টা ভোটগ্ৰহণ কেন্দ্ৰ, চতুৰ্থ ষ্ট্ৰং ৰুমত ৩১ নং ৱাৰ্ডৰ ৪০ নং ৱাৰ্ডলৈ মুঠ ১৩০ টা ভোটগ্ৰহণ কেন্দ্ৰ, পঞ্চম ষ্ট্ৰং ৰুমত ৪১ নং ৱাৰ্ডৰ পাৰ ৫০ নং ৱাৰ্ডলৈ মুঠ ১৩৯ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ষষ্ঠ ষ্ট্ৰং ৰুমত ৫১ নং ৱাৰ্ডৰ পৰা ৬০ নং ৱাৰ্ডলৈ মুঠ ১৫৫ টা ভোটগ্ৰহণ কেন্দ্ৰত ব্য়ৱহাৰ কৰিবলগীয়া ইভিএম সমূহ ৰখাৰ ব্যৱস্থা কৰা হৈছে। সৰ্বমুঠ ৭৫৭ টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। অহা ২৪ এপ্ৰিলত মণিৰাম দেৱান ট্ৰেড চেন্টাৰতে ভোট গণনা কৰা হ’ব।