গহপুৰ : বিহুৰ আনন্দৰ মাজতে এক ভয়ংকৰ পথ দুর্ঘটনা। দুর্ঘটনাগ্ৰস্ত হৈছে হুঁচৰি দলৰ এখন বাহন। থিতাতে নিহত ৫ জনকৈ লোক। আহত কেইবাজনো লোক। আহত সকলকৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক।

বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে নিশা গহপুৰৰ টকৌবাৰীৰ ৰঙাজানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। নিশা বিহু অনুষ্ঠানৰ পৰা হুঁচৰি গাই উভতি অহা সময়ত টকৌবাৰীৰ ৰঙাজানত দুৰ্ঘটনাৰ পতিত হয় হুঁচৰি দলৰ এখন বাহন। ফলত থিতাতে নিহত হয় ৫ জনকৈ লোক।

নিহত সকলৰ ভিতৰত ৩ গৰাকী যুৱতী আৰু ২ জন যুৱক বুলি জানিব পৰা গৈছে। হুঁচৰি দলটো এএছ-২৫-ডিচি-৭৪১৮ নম্বৰৰ এখন বলেৰ পিকআপ বাহনেৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন পথৰ ওপৰত বাগৰি পৰে। দুর্ঘটনাত ৫ জন লোক থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়।

আহত সকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত সকলক গহপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সংকটজনক অৱস্থাত থকা সকলক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে। বাহনখনত ২০ জনীয়া হুঁচৰি দল এটা আছিল।

পথ দুর্ঘটনাটোত নিহত হোৱা হুঁচৰি দলটোৰ যুৱতী তিনি গৰাকী হৈছে ৰাধিকা দৈমাৰী, বুদ্ধিমতি বড়ো আৰু বৰ্ণালী বড়ো। আনহাতে নিহত যুৱক দুজন হৈছে ক্ৰমে সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰী। নিহত আটাইকেইজনৰ ঘৰ উত্তৰ কাৰিবিল আৰু পুৰনি গেৰেজ গাঁৱত বুলি জানিব পৰা গৈছে।