জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথ টেট উত্তীৰ্ণ যুৱকৰ আত্মহত্যা। বিশ্বনাথৰ গড়েহাগী গাঁৱৰ এজন সুদক্ষ তথা টেট উত্তীৰ্ণ যুৱকৰ আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। পিতৃ-মাতৃ ঘৰত নথকা অৱস্থাত যুৱকজনে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে। অঞ্চলটোত এজন সুনাম থকা যুৱক আছিল আত্মহত্যাৰ পথ গ্ৰহণ কৰা যুৱকজন।

বিশ্বনাথৰ গড়েহাগী গাঁৱৰ এজন টেট উত্তীৰ্ণ যুৱকৰ বৃহস্পতিবাৰে পুৱাৰ ভাগত নিজ ঘৰতে চিপ লৈ থকা মৃতদেহ উদ্ধাৰ হয়। যুৱকজনৰ আত্মহত্যাক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বনাথতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আত্মহত্যা কৰা যুৱক জনৰ নাম বিতুমনি বৰা বুলি জানিব পৰা গৈছে।

যুৱকজনৰ আত্মহত্যাক অঞ্চলটোৰ কোনো লোকে সহজভাৱে ল’ব পৰা নাই। গাঁওখনত সুনাম থকা শিক্ষিত তথা ভাগৱত বাখ্যা কৰা যুৱকজনে গ্ৰহণ কৰা চৰম সিদ্ধান্তই সকলোকে হতবাক কৰি তুলিছে। যুৱকজনে কিছুদিন পূৰ্বে হাইস্কুল টেট পৰীক্ষা আৰু এম ই টেট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

মে’ মাহত যুৱকজন বৰপেটা অথবা নগাঁৱত টেট শিক্ষক হিচাপে যোগদানৰ সম্ভাৱণা আছিল বুলি জানিব পৰা গৈছে। কিহৰ বাবে যুৱকজনে এনে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল, সকলোৰ বাবে এক সাঁথৰ হৈ ৰ’ল। উল্লেখ যে, পুৱা যুৱকজনৰ ঘৰত পিতৃ-মাতৃ নথকা অৱস্থাত এই ঘটনা সংঘটিত কৰিলে যুৱকজনে।