গহপুৰ, ৬ মে’ : পুনৰ এক জঘন্য ধর্ষণকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত। এইবাৰ এগৰাকী ২০ বছৰীয়া যুৱতীক ধৰ্ষণ (20 year girl rape in Gohpur)। ঘৰৰ পদূলি পৰাই অপহৰণ কৰা হৈছিল যুৱতী গৰাকীক। ধৰ্ষণকাণ্ড সমগ্ৰ দৃশ্য মোবাইলৰ কেমেৰাত আৱদ্ধ। ঘটনাৰ লগত জড়িত যুৱক সকলক গ্ৰেপ্তাৰ।

ৰাজ্যত এতিয়া সুৰক্ষিত নহয় কিশোৰী, যুৱতী, মহিলা। দিনক দিনে ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা। নিজ আত্মীয়ৰ কাষত, ঘৰৰ সন্মুখতো নিৰাপদ নহয় এতিয়া কিশোৰী, যুৱতী সকল। পুনৰ এক নিৰ্লজ্জ ধৰ্ষণকাণ্ডৰ ঘটনাই প্ৰমাণ কৰিলে যে এতিয়া পথলৈও ওলাই আহিব নোৱাৰে কিশোৰী, যুৱতী।

গহপুৰত পুনৰ এগৰাকী যুৱতীৰ লগত কু-কৰ্মৰ ঘটনা সংঘটিত হৈছে। এগৰাকী ২০ বছৰীয়া যুৱতী বলি হৈছে জঘন্য ধৰ্ষণৰ। যুৱতী গৰাকীক ঘৰৰ পদূলিৰ পৰাই এখন বাহনত অপহৰণ কৰি নি ধৰ্ষণ কৰা হয়। অপহৰণকাৰীয়ে গাড়ীৰ ভিতৰতে যুৱতী গৰাকীক ধৰ্ষণ কৰে। কেৱল ধৰ্ষণ নহয়, ধৰ্ষণকাণ্ডৰ সমগ্ৰ দৃশ্য মোবাইলৰ কেমেৰাত আৱদ্ধ কৰে ধর্ষণকাৰীৰ বন্ধু সকলে (Recorded in mobile camera)।

জানিব পৰা মতে শুকুৰবাৰে সন্ধিয়াৰ ভাগত ঘৰৰ পদূলিলৈ ওলাই অহা ২০ বছৰীয়া যুৱতী গৰাকীক পোৰানচাদগৌৰা বসুমতাৰী নামৰ এজন যুৱকে কেইজনমান বন্ধুৰ সৈতে এএছ-৩২-এ-১৩৫৬ নম্বৰৰ বাহনখনৰ অপহৰণ কৰি নিয়ে। কিছুদূৰ যোৱাৰ পিছত যুৱকজনে গাড়ীৰ ভিতৰতে যুৱতী গৰাকীক ধৰ্ষণ কৰে। যুৱকজনৰ লগত অহা বন্ধু সকলে ধৰ্ষণকাণ্ডৰ সমগ্ৰ দৃশ্য মোবাইলৰ কেমেৰাত আৱদ্ধ কৰে।

এই জঘন্য ঘটনাৰ পিছতে ভুক্তভোগী যুৱতী গৰাকী আৰক্ষীৰ কাষ চাপে। গহপুৰ আৰক্ষীয়ে ইতিমধ্যে আটাইকেইজন যুৱকক গ্ৰেপ্তাৰ কৰি যুৱক কেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধী আইনৰ ১২০(বি), ৩৬৬, ৩৭৬(ডি), ৫১১, ৩৮৫, ৩৮৪ আৰু ২৯৪ ধাৰাৰ অধীনত ৯০/২০২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ লগত জড়িত পোৰানচাদগৌৰা বসুমতাৰীৰ বন্ধু চাৰিজন হৈছে ক্ৰমে বিপুল বসুমতাৰী, চংখৰ বসুমতাৰী, চোহেন গয়াৰী আৰু বিজয় মুছাহাৰী।

উল্লেখ্য যে কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এগৰাকী ১২ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। এই জঘন্য ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। ধর্ষণ তথা হত্যাকাৰী আনন তাঁতীৰ কঠোৰ শাস্তিৰ দাবীত ৰাইজ ৰাজপথলৈ ওলাই আহিছিল। অৱশেষত আৰক্ষীয়ে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ পৰা আনন তাঁতীক গ্ৰেপ্তাৰ কৰিছিল যদিও পলায়নৰ চেষ্টা চলাই আৰক্ষীৰ গুলীত আহত।হৈছিল আনন তাঁতী।