নিউজ ডেস্ক, ৫ মে’ : এতিয়াও নিয়ন্ত্ৰণহীন মণিপুৰৰ আইন শৃংখলা (Manipur Law and Order)। মণিপুৰ আৰক্ষী আৰু সেনই মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও জ্বলি আছে মণিপুৰ। দুস্কৃতিকাৰীক দেখা মাত্ৰই গুলীয়াই দিয়াৰ নিৰ্দেশৰ পিছতো অশান্ত মণিপুৰ। হিংসাত্মক ঘটনা বৃদ্ধি পোৱাত মণিপুৰ এৰি পলায়ন বহু লোকৰ।

বুধবাৰৰ (৩ মে’) পৰা মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক ঘটনা এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই। ৰাজধানী ইম্ফলকে ধৰি মণিপুৰৰ কেইবাখনো জিলা এতিয়াও জ্বলি আছে, কেৱল জ্বলি থকাই নহয়, হিংসাৰ জুই অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। মইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে মণিপুৰৰ আৰম্ভ হৈছিল হিংসাত্মক ঘটনা। মণিপুৰৰ পাহাৰীয়া জিলা ছাত্ৰ সন্থাই মইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰি বুধবাৰে ‘জনজাতি সংহতি মাৰ্চ’ অনুষ্ঠিত কৰিছিল।

প্ৰথম অৱস্থাত এই মাৰ্চ শান্তিপূৰ্ণ আছিল যদিও পৰৱৰ্তী সময়ত এই মাৰ্চ হিংসাত্মক ৰূপ ধাৰণ কৰে। বহু ঠাইত পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা হয়। ইয়াৰ পিছতে মণিপুৰৰ আইন শৃংখলাৰ অৱনতি ঘটে। মণিপুৰৰ বিভিন্ন অঞ্চলৰ লগতে ৰাজধানী ইম্ফলত দুস্কৃতিকাৰী সকলে শিলা বর্ষণ কৰাৰ লগতে বহু ঘৰত অগ্নি সংযোগ কৰে। ৰাজ্যখনৰ পৰিস্থিতিৰ যাতে অধিক অৱনতি নাও ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰত পাঁচ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

বৃহস্পতিবাৰেও পৰিস্থিতি সলনি নোহোৱাত দুস্কৃতিকাৰীক দেখা মাত্ৰই গুলীয়াই দিয়াৰ নিৰ্দেশ জাৰি কৰা হৈছে যদিও পৰিস্থিতি উন্নত হোৱা নাই। শুকুৰবাৰে মণিপুৰৰ বহু ঠাইত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। মণিপুৰ আৰক্ষী আৰু সেনা বাহিনীৰ লোক মণিপুৰৰ আইন শৃংখলা নিয়ন্ত্ৰণলৈ অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ইফালে হিংসাৰ জুইত জ্বলি থকাৰ বাবে মণিপুৰৰ পৰা হাজাৰ হাজাৰ লোক পলায়ান কৰিছে। অসমতো বহু মণিপুৰী লোকে আশ্ৰয় লৈছে।

মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বাবে নিৰাপত্তাহীন অনুভৱ কৰা বহু পৰিয়ালে অসমৰ কাছাৰ জিলাত আশ্ৰয় লৈছে। কাছাৰ জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে মণিপুৰৰ বৃহৎ সংখ্যক লোকে কাছাৰত আশ্ৰয় লৈছে আৰু এই লোক সকলৰ বাবে চৰকাৰী বিদ্যালয়ত আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও টুইটযোগে কাছাৰত আশ্ৰয় লোৱা মণিপুৰৰ লোক সকলক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ কাছাৰ জিলা প্ৰসাদনক নিৰ্দেশ দিছে। ইফালে গুৱাহাটীৰ মণিপুৰী সম্প্ৰদায়ৰ লোক সকলে মণিপুৰত শান্তি স্থাপনৰ দাবী জনাইছে।