গুৱাহাটী, ৬ মে’ : মহানগৰীৰ ভগদত্তপুৰ আৰক্ষীৰ বৃহৎ সাফল্য (Bhagadattapu Police Success)। নাগালেণ্ডত অভিযান চলাই ভগদত্তপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে চুৰিৰ গাড়ী। ভগদত্তপুৰ আৰক্ষী চকীৰ বিষয়া মাইনা দাসৰ নেতৃত্বত চলিছিল অভিযান। তিনিজনকৈ কুখ্যাত গাড়ী চোৰো জালত পৰিছে।

ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক ঘটনা। চুৰি, ডকাইতি, হত্যা সাধাৰণ ঘটনাত পৰিমাণত হৈছে এতিয়া ৰাজ্যত। নাৰী নিৰ্যাতনৰ ঘটনাও ব্যাপক হাৰত বৃদ্ধি পাইছে ৰাজ্যত। মহানগৰী গুৱাহাটী চোৰ, ডকাইতৰ ৰম্যভূমিত পৰিণত হৈছে। শেহতীয়াহৈ গুৱাহাটীত ব্যাপক হাৰত বৃদ্ধি পাইছে গাড়ী চুৰিৰ ঘটনা।

যোৱা ২৬ এপ্ৰিল তাৰিখে গুৱাহাটী মহানগৰীৰ কাহিলিপাৰা অঞ্চলৰ পৰা চুৰ হৈছিল এখন বাহন। এএছ-০১-এমচি-৫৪০১ নম্বৰৰ এখন টাটা মেজিক বাহন গাড়ী চোৰৰ এটা দলে চুৰ কৰি অন্য এখন বাহনৰ সহায়ত নাগালেণ্ডৰ ডিমাপুৰলৈ নি বিক্ৰী কৰিছিল। গাড়ী চুৰিৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চি চি টিভি কেমেৰাত (Capture in CCTV)।

ভগদত্তপুৰ আৰক্ষীয়ে চি চি টিভি কেমেৰাৰ দৃশ্যৰ ভিত্তিত অভিযান আৰম্ভ কৰি গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দুজন কুখ্যাত গাড়ী চোৰক। গাড়ী চোৰৰ দুজনক জেৰাৰ অন্তত আৰক্ষীৰ দল এটা উপস্থিত হৈছিল নাগালেণ্ডৰ ডিমাপুৰত। আৰক্ষীৰ দলটোৱে ডিমাপুৰত উদ্ধাৰ কৰিবলৈ সক্ষম হয় চুৰি হোৱা এএছ-০১-এমচি-৫৪০১ নম্বৰৰ এখন টাটা মেজিক বাহনখন। আৰক্ষীৰ দলটোৱে মেজিক বাহনখনৰ লগতে ডিএল-২-চিএজি-৪৪৫২ নম্বৰৰ এখন চুৰিৰ এল্ট বাহনো উদ্ধাৰ কৰে।

চুৰিৰ বাহন দুখন উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে নাগালেণ্ডৰ ভিলা য়ুপথ নামৰ আন এজন কুখ্যাত গাড়ী চোৰক গ্ৰেপ্তাৰ কৰে। অসমৰ জোন ডেকা আৰু মন্টু বৰ্মনসহ মুঠ তিনিজন কুখ্যাত গাড়ী চোৰক গ্ৰেপ্তাৰ কৰি ভগদত্তপুৰ আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে। ভগদত্তপুৰ আৰক্ষীৰ এই অভিযানৰ নেতৃত্বত আছিল আৰক্ষী বিষয়া মাইনা দাস (Lead by Maina Das)।