গুৱাহাটী : দীপৰ বিলত (Deepor Beel) বৃদ্ধি পাইছে চৰাইৰ সংখ্যা। পূৰ্বৰ তুলনাত বিভিন্ন প্ৰজাতিৰ বৃহৎ সংখ্যক চৰাই দেখিবলৈ পোৱা হৈছে দীপৰ বিলত। এইবাৰ চৰাইৰ গণনাত ৯৭ টা প্ৰজাতিৰ ২৬,৭৪৭ টা চৰাই দেখা গ’ল দীপৰ বিলত। পক্ষী অভয়াৰণ্যখনত চৰাইৰ সংখ্যা বৃদ্ধি পোৱাত উৎফুল্লিত হৈ পৰিছে বন বিভাগৰ লগতে প্ৰকৃতি প্ৰেমী সকল।

যোৱা ৪ জানুৱাৰীত অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ দীপৰ বিলত চৰাই গণনা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। বন বিভাগ, বেচৰকাৰী সংস্থা আৰু পক্ষী বিশেষজ্ঞৰ এটা দলে পক্ষী অভয়াৰণ্যখনত চৰাইৰ গণনা চলাইছিল। এইবাৰ দীপৰ বিলত পূৰ্বৰ তুলনাত বৃহৎ সংখ্যক চৰাই দেখিবলৈ পায় চৰাই গণনাৰ লগত জড়িত দলটোৱে। দলটোৱে ৯৭ টা প্ৰজাতৰি ২৬,৭৪৭ টা চৰাই প্ৰত্যক্ষ কৰে দীপৰ বিলত।

চৰাইৰ গণনাৰ অন্তত দীপৰ বিলত এদিনতে ইমান বৃহৎ সংখ্যক চৰাই প্ৰত্যক্ষ কৰি দলটো উৎফুল্লিত হৈ পৰে। দলটোৱে প্ৰথমে অনুমান কৰিছিল যে ১৭ ৰ পৰা ১৮ হাজাৰ চৰাই এইবাৰ দীপৰ বিলত আশ্ৰয় লৈছে যদিও এই অমুনামতকৈও অধিক সংখ্যক চৰাইৰ দীপৰ বিলত আশ্ৰয় লোৱাৰ তথ্য পোৱা গৈছে। দলটোৱে পূৰ্বে দীপৰ বিল নেদেখা চৰাইও এইবাৰ আশ্ৰয় লোকৰ অনুমান কৰিছিল যদিও এই অনুমান সত্য নহ’ল।

এদিনতে দীপৰ বিলত ২৬,৭৪৭ টা চৰাই প্ৰত্যক্ষ হৈছে যদিও এই চৰাই সমূহ পূৰ্বেও দীপৰ বিলত প্ৰত্যক্ষ কৰা হৈছিল। উল্লেখ্য যে ২০০২ চনত ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ সময়ত দীপৰ বিলত এদিনতে ১৯ হাজাৰ চৰাই পোৱা গৈছিল। ২৯১ টা প্ৰজাতৰি চৰাই ২০০২ চনত দীপৰ বিলত দেখিবলৈ পোৱা গৈছিল। দীপৰ বিল ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভৰ ৯ টা বৈশিষ্ট্যৰ ভিতৰত ৫ টা বৈশিষ্ট্যত উত্তীৰ্ণ হৈছিল।

সময়ৰ সোঁতত বিভিন্ন কাৰণত পক্ষী অভয়াৰণ্য দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃতি হেৰুৱাবলৈ ধৰিছিল। দীপৰ বিলত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছিল চৰাইৰ সংখ্যাও। ইয়াৰ পূৰ্বে চৰাইৰ গণনাত দীপৰ বিলত ৬৬ টা প্ৰজাতিৰ প্ৰায় ১০ হাজাৰ চৰাই প্ৰত্যক্ষ কৰা হৈছিল। কেইবাৰ পক্ষী অভয়াৰণ্য দীপৰ বিলত চৰাইৰ সংখ্যা বৃদ্ধি পোৱাত উৎফুল্লিত হৈ পৰিছে বন বিভাগৰ লগতে প্ৰকৃতি প্ৰেমী সকল।