তেজপুৰ : বিস্ফোৰণত (Blast) আহত এগৰাকী ছাত্ৰী। ডিটেনেটৰ বিস্ফোৰণত আহত হৈছে এগৰাকী ১২ বছৰীয়া ছাত্ৰী। ছাত্ৰী গৰাকীৰ হাতৰ আঙুলি ছিঙি যোৱা বুলি জানিব পৰা গৈছে। উন্নত চিকিৎসাৰ বাবে আহত ছাত্ৰী গৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে।

শোণিতপুৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ। ডিটেনেটৰ বিস্ফোৰণত এগৰাকী ১২ বছৰীয়া ছাত্ৰী গুৰুত্বৰভাৱে আহত হৈছে। বিস্ফোৰণত ছাত্ৰী গৰাকীৰ হাতৰ আঙুলি ছিঙি যোৱা বুলি জানিব পৰা গৈছে। আহত ছাত্ৰী গৰাকী বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে যদিও ছাত্ৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হ’ব।

বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় দুই বজাত সংঘটিত হয় এই ডিটেনেটৰ বিস্ফোৰণৰ ঘটনা। শোণিতপুৰৰ ভালুকপুংৰ বাণ্ডুগুৰি গাঁৱত সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনা। জানিব পৰা মতে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহা সময়ত ছাত্রী গৰাকীয়ে পথৰ দাঁতিত পৰি থকা কেইটামান ডিটেনেটৰ ঘৰলৈ লৈ আহিছিল। ডিটেনেটৰ কেইটা টেবুলত থোৱাৰ লগে লগে বিস্ফোৰণ ঘটে আৰু বিস্ফোৰণত ছাত্ৰী গৰাকীৰ হাতৰ আঙুলি ছিঙি যায়।

আহত ছাত্ৰী গৰাকীক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। গুৰুত্বৰভাৱে আহত ছাত্ৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে। বিস্ফোৰণ ঘটা ডিটেনেটৰ কেইটা ছাত্ৰী গৰাকীৰ ঘৰতে আছে বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিস্ফোৰণৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ডিটেনেটৰ কেইটা ভালুকপুং ৰে’ল ষ্টেশ্যনৰ কিছু আঁতৰত ছাত্ৰী গৰাকীৰ দেখা পাই ঘৰলৈ নিছিল। ডিটেনেটৰ কেইটা শিল ভঙাত ব্যৱহাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।