গুৱাহাটী, ১৯, জুলাই, ২০২৩ : পুনৰ ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও নেৰানেপেৰা বৰষুণ আৰু ভূটানৰ পানীয়ে পুনৰ জটিল কৰি তুলিছে বান পৰিস্থিতি। ভূটানৰ পানীয়ে তাণ্ডৱলীলা চলাইছে নামনি অসমৰ কেইবাখনো জিলাত। চিৰাং আৰু বঙাইগাঁও জিলাত বহু গাঁও বুৰাই পেলাইছে ভূটানৰ পানীয়ে (Chirang and Bongaigaon Under Flood Water)। ৰাজ্যত ৬৩ হাজাৰতকৈ অধিক লোক প্ৰভাৱিত হৈ আছে বানপানীৰ ফলত।

বছৰৰ প্ৰথমটো বান পৰিস্থিতি উন্নত হ’বলৈ ধৰাৰ সময়তে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পানীয়ে তাণ্ডৱলীলা চলাইছে ৰাজ্যত। ভূটানে হঠাৎ পানী এৰি দিয়াৰ ফলত চিৰাং আৰু বঙাইগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ পৰিছে। বহু গাঁৱৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি ডুব গৈছে বাঢ়নী পানীত। বিশেষকৈ চিৰাং জিলাত অধিক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ভূটানৰ পানীয়ে।

ভূটানে পানী এৰি দিয়াত ফেনেফুটুকৰে বৃদ্ধি পাইছে চিৰাং জিলাৰ আই, মাক্ৰা, নাঙলভাঙা, লালাইকে ধৰি কেইবাখনো নৈ-উপনৈৰ পানী। নাঙলভাঙাত মাথাউৰী ভাঙি পানীৰ সোঁতত কেইবাখনো বাহন উটি যোৱাৰ উপক্ৰম হৈছিল যদিও ৰাইজৰ প্ৰচেষ্টাত বাহন কেইখন ৰক্ষা পৰে। কিন্তু পানীৰ সোঁতত বহু পশুধন উটি যায়। ইফালে প্ৰাণ ৰক্ষা বাবে নিৰাপদ স্থান বিচাৰি বানাক্ৰান্ত লোকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

চিৰাংৰ লগতে বঙাইগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে ভূটানৰ পানীয়ে। বঙাইগাঁৱত কেইবাখো গাঁও এতিয়া বাঢ়নী পানীৰ তলত। বান প্ৰভাৱিত কেইবাখনো গাঁৱৰ ৰাইজ ওখ ঠাইত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। ইফালে বৰপেটা আৰু বাক্সা জিলাৰ বহু অঞ্চল ভূটানৰ পানীয়ে প্লাৱিত কৰিছে। বেকী নৈয়ে বৰপেটাত যিকোনো মুহূৰ্তত সংকট নমাই অনাৰ সম্ভাৱনা আছে। বৰপেটা জিলা প্ৰশাসনে ইতিমধ্যে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

চৰকাৰী তথ্য অনুসৰি বৰ্তমান ৰাজ্যৰ ১৪ খনকৈ জিলা আৰু মহকুমাৰ ২৪ টা ৰাজহ চক্ৰৰ ২৭২ খন গাঁও বাঢ়নী পানীৰ তলত। বৰপেটা, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, কামৰূপ, কামৰূপ মহানগৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী আৰু শিৱসাগৰৰ ৬৩ হাজাৰ ৬০৬ জন লোক বানপানীৰ ফলত প্ৰভাৱিত হৈ আছে। ইয়াৰে সর্বসাধিক লোক ২৭ হাজাৰ ৫২৬ জন গোলাঘাট জিলাৰ আৰু ১৫ হাজাৰ ১৩৭ জন ধেমাজি জিলাৰ। ৰাজ্যৰ ২৮৬৩.৭৬ হেক্টৰ কৃষিভূমি এতিয়াও বাঢ়নী পানীত ডুব গৈ আছে।