নিউজ ডেস্ক, ১৯ জুলাই, ২০২৩ : উত্তৰাখণ্ডৰ চামোলীত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বিদ্যুৎস্পৃষ্ট হৈ ১৫ জন লোকৰ মৃত্যু (Fifteen Killed in Uttarakhand) হোৱাৰ বিপৰীতে আহত হৈছে বহুকেইজন লোক। চামোলী জিলাত অলাকনন্দ নদীৰ পাৰত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন লোক আহত হয়। চামোলীৰ আৰক্ষী অধীক্ষক পৰমেন্দ্ৰ ডোভালে জনোৱা মতে, আহতসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উত্তৰাখণ্ডৰ চামোলী জিলাত অলাকনন্দ নদীৰ পাৰত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭ জন লোক আহত হৈছে। নিহত সকলৰ ভিতৰত চাৰিজন আৰক্ষীও আছে বুলি জানিব পৰা গৈছে। চামোলীৰ আৰক্ষী অধীক্ষক পৰমেন্দ্ৰ ডোভালে জনোৱা মতে, আহত সকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই দুৰ্ঘটনা সন্দৰ্ভত দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে।

চামোলী দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, “চামোলীত অতি মৰ্মান্তিক ঘটনাৰ খবৰ পোৱা গৈছে। এতিয়ালৈকে ১৫ জন লোকৰ মৃত্যু হৈছে। ঘটনা সন্দৰ্ভত দণ্ডাধীশ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰয়োজন হ’লে আহত সকলক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ’ব। আহত সকলৰ উন্নত চিকিৎসাৰ বাবে হেলিকপ্টাৰ সহায় লোৱা হৈছে। আহত সকল সোনকালে সুস্থ হৈ উঠক যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক।”

জানিব পৰা মতে নিহত সকলৰ ভিতৰত এজন আৰক্ষী উপ-পৰিদৰ্শক আৰু ৩ জন হোমগাৰ্ড জোৱান আছে। প্ৰকল্পটোত নিৰ্মাণ কৰা দলংখনত বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰথমে জল নিগামৰ এজন কৰ্মচাৰীৰ মৃত্যু, তাৰ পিছত আন লোক সকল বিদ্যুৎস্পৃষ্ট। উচ্চপদস্থ আৰক্ষী বিষয়া এজনে জানিবলৈ দিয়ে যে, নিশা চামোলীৰ পিপালকোটিৰ নমামি গংগে প্ৰকল্পত এক দুৰ্ঘটনা সংঘটিত হয়, য’ত এজন যুৱকৰ মৃত্যু হয়৷ আৰক্ষীৰ দলটো তদন্তৰ বাবে পুৱাৰ ভাগত ঘটনাস্থলীত উপস্থিত হৈছিল আৰু মৃতকৰ আত্মীয়ও সেই স্থানত উপস্থিত আছিল। ইফালে হঠাৎ ৰাতিপুৱা আকৌ এবাৰ সোঁত বিয়পি পৰিল। তেওঁ কয় যে এই সময়ছোৱাত ২২ জন লোক বিদ্যুৎস্পৃষ্ট হয়, ইয়াৰে ১৫ জন লোকৰ ঠাইতে মৃত্যু হয়, আনহাতে ৭ জন লোকক আহত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়।

আহত সকলৰ ভিতৰত দুজনক হেলিকপ্টাৰেৰে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষী বিষয়াজনে লগতে জানিবলৈ দিয়ে যে, সমগ্ৰ বিষয়টোৰ ওপৰত দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ধাৰাবাহিক বৰষুণৰ বাবে গংগা, যমুনাকে ধৰি ৰাজ্যৰ সকলো নদীৰে জলপৃষ্ঠ বৃদ্ধি পাইছে। বৰষুণৰ বাবে গংগাৰ উপনৈ অলকনন্দ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৌৰী জিলাৰ শ্ৰীনগৰত থকা জিভিকে জলবিদ্যুৎ প্ৰকল্পৰ মথাউৰিৰ পৰা প্ৰায় ৩০০০ কিউমেক অতিৰিক্ত পানী এৰি দিয়া হয়।